কটন বিশ্ববিদ্যালয়ত আয়োজিত তৃতীয় ভাৰত-জাপান শিক্ষা সন্মিলনত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ অংশগ্ৰহণ

Image

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি কটন বিশ্ববিদ্যালয়ত আয়োজিত তৃতীয় ভাৰত-জাপান শিক্ষা সন্মিলনত অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত শ্ৰী ৰিজিজুৱে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে জাপানৰ সৈতে আন্তঃসম্পৰ্ক ত্বৰান্বিত কৰিবলৈ সমৰ্থ হৈছে।

এই আন্তঃসম্পর্কত শিক্ষা এটা মূল চালিকা শক্তি বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শিক্ষা, বাণিজ্য আৰু সাংস্কৃতিক ক্ষেত্ৰত এই মিত্ৰতাই সৰ্বসাধাৰণৰ জীৱনো স্পৰ্শ কৰা বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে উত্তৰ-পূব ভাৰতৰ শিক্ষাৰ্থীসকলে দুয়োখন দেশৰ মাজৰ অংশীদাৰী শিক্ষা ব্যৱস্থাৰ সুবিধা লোৱা উচিত। ভাৰত আৰু জাপানৰ শৈক্ষিক অংশীদাৰিত্বই যৌথ গৱেষণাৰ লগতে উদ্ভাৱনী সুযোগসমূহৰ বিকাশতো সহায় কৰিব বুলি শ্ৰী ৰিজিজুৱে আশা প্রকাশ কৰে। ভাৰত-জাপান বাণিজ্যিক পৰিষদ বিবেকানন্দ কেন্দ্ৰ সাংস্কৃতিক প্ৰতিষ্ঠানৰ যৌথ উদ্যোগত আয়োজিত এই সন্মিলনত শিক্ষা মন্ত্ৰী ৰণোজ পেগুকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক