লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে আমেৰিকাত ভাৰতৰ শিখ সকলক লৈ কৰা মন্তব্যৰ সন্দৰ্ভত দেশৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও শিখ সংগঠন আৰু সমিতিয়ে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ক কালি সাক্ষাৎ কৰে। নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি বিজেপি নেতা মঞ্জিন্দৰ সিং ছিছাই এই কথা উল্লেখ কৰে । তেওঁ কয় যে ৰাহুল গান্ধীৰ এই মন্তব্যই শিখ সম্প্ৰদায়ৰ মাজত ভয়ৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷ মঞ্জিন্দৰ সিঙে ৰাহুল গান্ধীক তেওঁৰ বক্তব্য প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাই কয় যে শিখ প্রতিনিধি দলটোৱে বক্তব্য প্রত্যাহাৰৰ দাবী উত্থাপন কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সাক্ষাৎ কৰিছিল।
Site Admin | September 22, 2024 11:16 AM | Congress Leader Rahul Gandhi opinion on Sikh