ডাউনলোড
মোবাইল এপ

android apple
signal

February 22, 2025 12:19 PM | Rakibul - Protest

printer

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনাক লৈ ৰাজ্যজুৰি কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। বিভিন্ন স্থানত থকা দলীয় কার্যালয়ত দলীয় নেতা-কর্মীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰাৰ উপৰি প্ৰতিবাদী সমদলো উলিয়াই। গুৱাহাটীৰ ৰাজীৱ ভৱনত মহানগৰ জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী সভাত দলৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা, জ্যেষ্ঠনেতা বলীন কুলী, নিপেন ঠাকুৰীয়া, ববিতা শৰ্মা, গোপাল শর্মা আদিয়ে অংশগ্রহণ কৰে।
সাংসদগৰাকী আক্ৰমণৰ ঘটনাক গৰিহণা দি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই শিলচৰত এটা প্ৰতিবাদী সমদলত অংশ লয়। এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে ঘটনা সন্দৰ্ভত উচিত তদন্তৰ দাবীত ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। ইপিনে, এই আক্ৰমণৰ ঘটনাক লৈ সাংসদগৰাকীয়ে কালি নগাঁও সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰত তেওঁ ২২ জন লোকক এই আক্ৰমণৰ ঘটনাত জড়িত থকাৰ অভিযোগ কৰে৷ এজাহাৰ দাখিলৰ সময়ত কংগ্ৰেছ নেত্রী মীৰা বৰঠাকুৰো তেওঁৰ লগত উপস্থিত থাকে। ইয়াৰ পাছতে নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবীত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰে। যোৰহাট জিলা কংগ্ৰেছে কালি এখন সংবাদমেলত এই ঘটনাৰ ন্যায় বিচাৰি ৰাজ্য চৰকাৰক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। উল্লেখযোগ্য যে, ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কালি অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা দুবাৰকৈ স্থগিত ৰাখিবলগীয়া হয়।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাত জড়িত থকা ১০ জন আক্ৰমণকাৰীক আৰক্ষীয়ে চিনাক্ত কৰিছে বুলি সামাজিক মাধ্যম যোগে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক