ডাউনলোড
মোবাইল এপ

android apple
signal

কংগ্ৰেছ দলে ড০ বি আৰ আম্বেদকাৰক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি বিজেপি সাংসদসকলৰ সংসদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত

কংগ্ৰেছ দলে ড০ বি আৰ আম্বেদকাৰক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি আজি বিজেপি সাংসদসকলে সংসদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। দলৰ সদস্যসকলে প্লেকার্ড লৈ বিৰোধীৰ বিৰুদ্ধে শ্লোগান দিয়ে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে নেহৰু-গান্ধী পৰিয়ালে সদায় ডাঃ আম্বেদকাৰৰ প্রতি অসন্মান প্রদর্শন কৰি আহিছে বুলি অভিযোগ তোলে। জৱাহৰ লাল নেহৰুৱে নিজেই ড০ আম্বেদকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি তেওঁক নিৰ্বাচনত পৰাস্ত কৰাৰ লগতে ৰাজনীতি ত্যাগ কৰিবলৈ বাধ্য কৰা বুলিও শ্রী ঠাকুৰে অভিযোগ উত্থাপন কৰে।তেওঁ কয় যে কংগ্ৰেছৰ তিনিটা প্ৰজন্মই আম্বেদকাৰক ভাৰত ৰত্ন নিদিলে আৰু পুৰণি সংসদ ভৱনৰ কেন্দ্ৰীয় কক্ষত তেওঁৰ আলোকচিত্ৰও ৰাখিবলৈ নিদিলে৷ইফালে, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ড০ বি আৰ আম্বেদকাৰ সন্দৰ্ভত অপমানজনক মন্তব্য দিয়া বুলি অভিযোগ তুলি বিৰোধী দলসমূহেও সংসদ ভৱন চৌহদত প্ৰতিবাদ অব্যাহত ৰাখিছে৷ কংগ্ৰেছ, ডি এম কে, সমাজবাদী পার্টি, আৰ জে ডি আৰু বাওঁপন্থী দলৰ সদস্যসকলে শ্ৰীশ্বাহৰ বিৰুদ্ধে ডাঃ আম্বেদকাৰক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ তেওঁলোকে গৃহমন্ত্রী শ্বাহে বিষয়টো সন্দৰ্ভত ক্ষমা খোজাৰ দাবী তুলি সংসদ ভৱন চৌহদত সমদল উলিয়ায়। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কে চি বেনুগোপালে অভিযোগ কৰে যে বিজেপিৰ সাংসদসকলে আত্মপক্ষ সমর্থনৰ বাবেহে প্রতিবাদ সাব্যস্ত কৰিছে।

অধিক পঢ়ক

সকলো চাওক