নির্বাচন আয়োগে কংগ্ৰেছৰ তাৰকা প্ৰচাৰক তথা তেলেংগানাৰ মন্ত্ৰী কণ্ডা সুৰেখাক ভাৰত ৰাষ্ট্ৰীয় সমিতি আৰু ইয়াৰ কাৰ্যকৰী সভাপতি কে টি ৰমা ৰাওৰ বিৰুদ্ধে সত্যতা বিচাৰ নকৰাকৈ অভিযোগ অনাৰ বাবে সমালোচনা কৰিছে। আয়োগে এটা নিৰ্দেশত কৈছে যে এই সন্দৰ্ভত বি আৰ এছৰ মুখপাত্র কে প্রভাকৰৰ পৰা চলিত মাহৰ প্রথম ভাগত অভিযোগ লাভ কৰিছিল। ইয়াৰ পাছতে আয়োগে তেলেংগানাৰ মুখ্য নির্বাচনী বিষয়াৰ পৰা এই সন্দৰ্ভত বিচৰা প্ৰতিবেদনত সুৰেখাৰ বিৰুদ্ধে নির্বাচনী প্ৰচাৰৰ সময়ত সত্যতা বিচাৰ নকৰাকৈ অভিযোগ আনি নির্বাচনী আচৰণ বিধি ভংগ কৰিছিল বুলি প্ৰমাণিৰ হয়। আয়োগে নেত্ৰীগৰাকীক ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰাৰ সময়ত নিৰ্বাচনী আচৰণ বিধি পুনৰ ভংগ নকৰিবলৈ সজোৰে সকীয়াই দিছে।
Site Admin | April 27, 2024 6:57 PM | ECI Telengana