কংগ্ৰেছে ভুৱা প্ৰচাৰ চলোৱা বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অভিযোগ

বিজেপিয়ে ৪০০খনতকৈ অধিক আসন লাভ কৰিলে সংৰক্ষণ ব্যৱস্থাৰ অৱসান ঘটাব বুলি কংগ্ৰেছে ভুৱা প্ৰচাৰ চলোৱা বুলি বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অভিযোগ তুলিছে। গুৱাহাটীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে অভিযোগ কৰে। শ্ৰী শ্বাহে কয় যে এই দাবী সঁচাকৈ ভিত্তিহীন। তেওঁ কয় যে বিজেপিয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণৰ পোষকতা কৰে। বিজেপিয়ে সমগ্ৰ দেশত ভাল সঁহাৰি লাভ কৰা বুলিও নেতাগৰাকীয়ে দাবী কৰে। কৰ্ণাটকৰ হাছান সংসদীয় সমষ্টিৰ প্ৰাৰ্থী প্ৰজ্বল ৰেৱান্নাৰ অশালীন ভিডিঅ’ সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত বিজেপিৰ স্থিতি স্পষ্ট বুলি উল্লেখ কৰি শ্ৰী শ্বাহে কয় যে তেওঁৰ দলে মহিলাৰ বিৰুদ্ধে যিকোনো অপৰাধ সহ্য নকৰে আৰু বিষয়টো সন্দৰ্ভত আৰক্ষীৰ তদন্তৰ সমৰ্থন কৰে। মহিলাৰ বিৰুদ্ধে এনেধৰণৰ অপৰাধৰ সৈতে জড়িত ব্যক্তিক কঠোৰ শাস্তি বিহিব লাগে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক