কংগ্ৰেছে দুদিনৰ ভিতৰত উত্তৰ প্ৰদেশৰ বাকী থকা আসনসহ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ পৰৱৰ্তী তালিকা প্রকাশ কৰিবঃ সাধাৰণ সম্পাদক কে চি বেনুগোপাল

কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে কৈছে যে দলে দুদিনৰ ভিতৰত উত্তৰ প্ৰদেশৰ বাকী আসনসহ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ পৰৱৰ্তী তালিকা প্রকাশ কৰিব। উত্তৰ প্ৰদেশত গুৰুত্বপূৰ্ণ ৰায়বৰেলি আৰু আমেথিৰ প্ৰাৰ্থী সম্পৰ্কে আলোচনা কৰাৰ বাবে কালি কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়। সূত্ৰৰ পৰা জানিব পৰা মতে গান্ধী পৰিয়ালে আমেথি আৰু ৰায়বৰেলি আসনৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব লাগে বুলি উত্তৰ প্ৰদেশ কংগ্ৰেছে দলৰ কেন্দ্ৰীয় নির্বাচন কমিটীৰ ওচৰত প্ৰস্তাৱ দিছে আৰু এই প্ৰস্তাৱ সন্দৰ্ভত সভাপতি মল্লিকার্জুন খাৰ্গেক সিদ্ধান্ত গ্ৰহণৰ দায়িত্ব অর্পণ কৰা হৈছে। ২০১৯ চনৰ নিৰ্বাচনলৈকে কংগ্ৰেছৰ দুৰ্গ বুলি বিবেচিত উত্তৰ প্ৰদেশৰ ৰায়বৰেলি আৰু আমেথিৰ আসনৰ বাবে কংগ্ৰেছে এতিয়ালৈকে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। ৰাহুল গান্ধীয়ে ২০১৯ চনৰ নিৰ্বাচনত আমেথিত বিজেপিৰ স্মৃতি ইৰাণীৰ হাতত পৰাজিত হৈছিল। ৰাহুল গান্ধীয়ে এইবেলিত কেৰালাৰ ৱায়নাড সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। তেওঁ ২০১৯ চনৰ নিৰ্বাচনত এই আসনখনৰ পৰা জয় হৈছিল। কংগ্ৰেছে এতিয়ালৈকে ৭টা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৩০৮ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

অধিক পঢ়ক

সকলো চাওক