ডাউনলোড
মোবাইল এপ

android apple
signal

কংগ্ৰেছে অকল ৰাজনৈতিক মুনাফাৰ বাবে বি আৰ আম্বেদকাৰৰ নাম ব্যৱহাৰ কৰা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ

কংগ্ৰেছে অকল ৰাজনৈতিক মুনাফাৰ বাবে বি আৰ আম্বেদকাৰৰ নাম ব্যৱহাৰ কৰা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰিছে। গুৱাহাটীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে শাসনত থকা সময়ছোৱাত নেহৰু গান্ধী পৰিয়ালৰ নামত ভালেমান প্ৰতিষ্ঠানৰ নামকৰণ কৰিছে যদিও দলটোৱে আম্বেদকাৰৰ নামত কোনো প্ৰতিষ্ঠানৰ নামকৰণ কৰা নাই। তেওঁ লগতে কংগ্ৰেছে কিয় বি আৰ আম্বেদকাৰক ভাৰতৰত্নৰে বিভূষিত কৰা নাছিল বুলি প্ৰশ্ন উত্থাপন কৰে। কংগ্ৰেছৰ কোনো কাৰ্যালয়ত বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তি নাই বুলিও ড০ শৰ্মাই অভিযোগ উত্থাপন কৰে। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত অকল বি আৰ আম্বেদকাৰকে নহয়, বৰং সমগ্র দলিত সম্প্রদায়ক অপমান কৰা বুলি দাবী কৰিছিল। নগাঁৱৰ সাংসদগৰাকীয়ে লগতে আম্বেদকাৰ সন্দৰ্ভত গৃহমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰতিবাদ অব্যাহত ৰাখিব বুলিও প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক