অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী ওম বিৰলা

বিজেপিৰ জ্যেষ্ঠ নেতা ওম বিৰলা অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ বাবে এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব। আনহাতে, বিৰোধী আই এন ডি আই মিত্রজোঁটে কংগ্ৰেছ দলৰ কে সুৰেশক অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। দুয়োগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। অধ্যক্ষৰ নিৰ্বাচন কাইলৈ অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে চৰকাৰ আৰু বিৰোধী পক্ষই অধ্যক্ষ পদৰ প্ৰাৰ্থীক লৈ সহমতত উপনীত হোৱাত ব্যৰ্থ হয়। সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ আৰু পীযূষ গোৱেলে কংগ্ৰেছ দলৰ নেতা কে চি বেণুগোপাল আৰু ডি এম কেৰ টি আৰ বালুৰ সৈতে বিষয়টো সন্দৰ্ভত বৈঠকত মিলিত হয় যদিও বিৰোধী পক্ষই শ্ৰী বিৰলাৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ পূৰ্বে উপাধ্যক্ষৰ নাম ঘোষণা কৰাৰ দাবীক লৈ অটল হৈ থাকে। শ্ৰী গোৱেলে কয় যে বিৰোধী পক্ষক উপাধ্যক্ষ নিৰ্বাচনৰ সময়ত বিষয়টো লৈ আলোচনা কৰা হ’ব বুলি অৱগত কৰোৱা হয়। তেওঁ কয় যে বিৰোধী পক্ষই অধ্যক্ষৰ নিৰ্বাচনক লৈ আগবঢ়োৱা চৰ্তসমূহ চৰকাৰে প্ৰত্যাখ্যান কৰে। ইফালে, কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে কয় যে বিৰোধী পক্ষ অধ্যক্ষ পদৰ প্ৰাৰ্থীলৈ সমৰ্থন আগবঢ়াবলৈ সাজু কিন্তু এনে হ’লে উপাধ্যক্ষ পদৰ প্ৰাৰ্থীগৰাকী বিৰোধী পক্ষৰ হ’ব লাগিব। সংসদ ভৱন চৌহদত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয় যে ৰাজনাথ সিঙে মল্লিকার্জুন খার্গেক সাক্ষাৎ কৰিছে আৰু অধ্যক্ষ পদৰ বাবে সমৰ্থন আগবঢ়াবলৈ আহ্বান জনাইছে।