ভাৰত আজি ওমানৰ মাস্কতত হ’বলগীয়া মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। প্ৰতিযোগিতাত জ্যোতি সিঙে ভাৰতীয় জুনিয়ৰ মহিলা হকী দলৰ নেতৃত্ব বহন কৰিব। সাক্ষী ৰানা ভাৰতীয় দলৰ উপ-অধিনায়ক হ’ব। প্ৰতিযোগিতাত কালি চীনে গ্রুপ এৰ প্ৰথমখন খেলত বাংলাদেশত ১৯-০ গলত পৰাস্ত কৰে। গ্ৰুপ এৰ আন এখন খেলত মালয়েছিয়াই থাইলেণ্ডক ৩-০ গলত আৰু পুল বিৰ এখন খেলত জাপানে শ্রীলংকাক ১৫-০ গলত পৰাভূত কৰে। ১০টা দলে এই প্ৰতিযোগিতাত ভাগ লৈছে। যোৱা বাৰৰ চেম্পিয়ন ভাৰতক চীন, মালয়েছিয়া, থাইলেণ্ড আৰু বাংলাদেশৰ সৈতে গ্ৰুপ এত স্থান দিয়া হৈছে। দক্ষিণ কোৰিয়া, জাপান, চীনা টাইপে, হংকং আৰু শ্ৰীলংকাক গ্ৰুপ বিত অন্তৰ্ভুক্ত কৰা হৈছে। জুনিয়ৰ এচিয়া কাপ হকী প্ৰতিযোগিতা অহা বছৰ ছিলিত হ’বলগীয়া এফ আই এইছ জুনিয়ৰ বিশ্বকাপৰ যোগ্যতা নিৰুপনকাৰী প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ শীৰ্ষৰ ৫টা দলে জুনিয়ৰ বিশ্বকাপ হকী প্ৰতিযোগিতাৰ খেলাৰ সুযোগ লাভ কৰিব।
Site Admin | December 8, 2024 12:00 PM | Woman Junior Asia Cup 2024