ওদালগুৰি আৰু ধেমাজি জিলাত নিটি আয়োগৰ বিশেষ কার্যসূচী সম্পূর্ণতা অভিযান

নিটি আয়োগৰ বিশেষ কার্যসূচী সম্পূর্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে কালি ওদালগুৰি জিলাতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ওদালগুৰি চহৰৰ বিষ্ণুৰাভা কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আৰম্ভণি অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইপিনে, জোনাইৰ মুৰ্কংচেলেক উন্নয়ন খণ্ডৰ অধীনৰ মুৰ্কংচেলেক কৃষ্টিভৱন প্রেক্ষাগৃহতো কালি সম্পূর্ণতা অভিযান কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়। এই অনুষ্ঠানত জিলা আয়ুক্ত অংকুৰ ভৰালী, নিটি আয়োগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ড° ববিতা সিং, ধেমাজি আৰু চিলাপথাৰ পৌৰসভাৰ সভানেত্ৰী তথা জিলা প্ৰশাসন আৰু ব্লক পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ড সমূহত মূলত প্রথম তিনি মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে ২০১৫ চনতে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুত যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। তিনি মাহজোৰা সম্পূর্ণতা অভিযানৰ অংশ হিচাপে নির্বাচিত জনপ্রতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্রাম সভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।  

অধিক পঢ়ক

সকলো চাওক