ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন কুমাৰ পাটনায়কে আজি ভূৱনেশ্বৰৰ ৰাজভৱনত ৰাজ্যপাল ৰঘূবীৰ দাসৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে। ৰাজ্যখনৰ সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত বিজু জনতা দলৰ পৰাজয়ৰ পাছতে তেওঁ পদত্যাগ পত্র দাখিল কৰে। উল্লেখযোগ্য যে শ্রীপাটনায়ক হৈছে ওড়িশাৰ আটাইতকৈ দীৰ্ঘদিনীয়া সেৱা আগবঢ়োৱা মুখ্যমন্ত্ৰী। তেওঁ একেৰাহে পাঁচবাৰৰ বাবে অর্থাৎ ২৪ বছৰ ৩ মাহ মুখ্যমন্ত্ৰীৰ পদত আছিল। ২০০০ চনৰ ৫ মাৰ্চত তেওঁ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত এইবাৰ বিজেপিয়ে ১৪৭ খন আসনৰ ভিতৰত ৭৮ খন আসন লাভ কৰাৰ বিপৰীতে বি জে ডিয়ে ৫১ খন, কংগ্ৰেছে ১৪ খন আৰু অন্যান্য দলে ৪ খন আসন লাভ কৰে।
Site Admin | June 5, 2024 5:36 PM | Navin Patnayak