ডাউনলোড
মোবাইল এপ

android apple
signal

ওড়িশাৰ ভগৱান জগন্নাথ ৰথযাত্ৰা অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰী মতী দ্রৌপদী মুর্মুৰ অংশগ্ৰহণ

ওড়িশাৰ পুৰী চহৰত আজি বিয়লি ভগৱান জগন্নাথ, বলভদ্র, সুভদ্ৰা দেৱী আৰু ভগৱান সুদৰ্শনৰ বিশ্ববিখ্যাত ৰথযাত্ৰা আৰম্ভ হৈছে। তিনিখন ৰথেৰে হোৱা এই যাত্রা উপলক্ষে চৰহখনৰ গ্ৰেণ্ড ট্ৰাংক ৰোড সহস্ৰ ভক্তৰ সমাগমেৰে ভৰি পৰিছে। ৰাষ্ট্ৰপতি শ্ৰী মতী দ্রৌপদী মুর্মুৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন ঘটা ভক্তসকল এই ৰথযাত্ৰাত ভাগ লোৱাৰ উপৰি স্বচক্ষে ভগৱানৰ দৰ্শন লাভ কৰাৰ বাবে সমৱেত হৈছে। উল্লেখযোগ্য যে পৱিত্ৰ এই ত্রিমূৰ্তিয়ে ভগৱান গুণ্ডীচা দেৱীৰ মন্দিৰলৈ কৰা যাত্রা উপলক্ষে আয়োজিত এই উৎসৱৰ, ৮ দিন পাছত তেওঁলোকে প্ৰত্যাৱৰ্তনৰ কৰাৰ লগে লগে অন্ত পৰে। আমাৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি ঘণ্টা, কহলী আৰু টিলিঙা বজাই আয়োজন কৰা দধি পহণ্ডি শীৰ্ষক ৰাজকীয় ধৰ্মীয় অনুষ্ঠানৰ জৰিয়তে এই পৱিত্ৰ যাত্ৰা আৰম্ভ হয়। এই অনুষ্ঠানৰ পাছত পুৰী শংকৰাচায্য নিচলানন্দ স্বৰস্বতীয়ে ৰথসমূহত বিৰাজমান দেৱতাসকলক পূজা-অৰ্চনা কৰে। পৰম্পৰা অনুসৰি সূৰ্য অস্ত হোৱাৰ পূৰ্বে ৰথযাত্রাই হ্রস্ব দূৰত্ব অতিক্রম কৰাৰ পাছত কাইলৈ পুনৰ আৰম্ভ হ’ব

অধিক পঢ়ক

সকলো চাওক