ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মূৱে আজি পুৱা ওড়িশাৰ পবিত্ৰ চহৰ পুৰীৰ দ্বাদশ শতিকাৰ শ্ৰীজগন্নাথ মন্দিৰ পৰিদৰ্শন কৰে। তেওঁ মন্দিৰৰ ভিতৰত ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ ওচৰত প্ৰাৰ্থনা কৰাৰ লগতে ওড়িশাৰ মুখ্যমন্ত্রী মোহন চৰণ মাঝি আৰু অন্যান্য বিশিষ্ট ব্যক্তিৰ সৈতে মন্দিৰ চৌহদ পৰিদৰ্শন কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে পুৰীৰ গোপবন্ধু আয়ুৰ্বেদ মহাবিদ্যালয়ৰ ৭৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠানতো অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মূÍৱে আজি বিয়লি ব্লু ফ্লেগ উপকূলত নৌসেনাবাহিনীৰ উদ্যোগত আয়োজিত বার্ষিক নৌসেনা দিৱসত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰিব । ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ সময়ত নৌসেনাৰ জটিল অভিযান ট্রাইডেন্টৰ বৰ্ষপূর্তি উপলক্ষে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াত কমেও ১৫খন জাহাজ, ছাবমেৰিন, আৰু কমেও ৪০খন বিমান প্ৰদৰ্শন কৰা হ’ব।
Site Admin | December 4, 2024 7:42 PM | Press Visit
ওড়িশাৰ পবিত্ৰ চহৰ পুৰীৰ দ্বাদশ শতিকাৰ শ্ৰীজগন্নাথ মন্দিৰ পৰিদৰ্শন ৰাষ্ট্ৰপতিৰ
