বিজেপিৰ জ্যেষ্ঠ নেতা মোহন চৰণ মাঝিয়ে আজি বিয়লি ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ভূৱনেশ্বৰৰ জনতা ময়দানত আয়োজিত শপতগ্রহণ অনুষ্ঠানত মাঝিৰ উপৰি দুগৰাকী উপ-মুখ্যমন্ত্ৰী কনক বর্ধন সিং দেউ আৰু প্ৰৱতি পৰিদাৰ লগতে কেইবাগৰাকীও মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে। ৰাজ্যখনত নবীন পাটনায়ক নেতৃত্বাধীন বিজু জনতা দলৰ ২৪ বছৰীয়া শাসনৰ অন্তত প্ৰথমবাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিছে। ৫২ বছৰীয়া মাঝিক সর্বসম্মতিক্রমে কালি বিজেপি বিধায়িনী দলৰ নেতা হিচাপে বাছনি কৰা হয়। এই উপলক্ষে আয়োজিত বৈঠকত দলৰ কেন্দ্ৰীয় পর্যবেক্ষক তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ উপস্থিত আছিল। আজিৰ শপত গ্রহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, জুৱেল অ’ৰাম, ধর্মেন্দ্ৰ প্রধানকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাসহ বিজেপিশাসিত ৰাজ্যসমূহৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।
Site Admin | June 12, 2024 7:18 PM | Odisha CM Oath