May 20, 2024 12:57 PM | Election update

printer

ওড়িশাত সাধাৰণ নির্বাচন তথা ৰাজ্য বিধান সভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান পূর্ণগতিত অব্যাহত

ওড়িশাত অহা ২৫ মে’ আৰু পহিলা জুনত হ’বলগীয়া ষষ্ঠ আৰু অন্তিম পৰ্যায়ৰ সাধাৰণ নির্বাচন তথা ৰাজ্য বিধান সভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান পূর্ণগতিত অব্যাহত আছে। বিজেডি, বিজেপি আৰু কংগ্ৰেছকে ধৰি সকলো গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্ৰী ৰাজনাথ সিঙে কালি বৰগড় সংসদীয় সমষ্টিৰ লোকসভা আৰু বিধানসভা আসন কেইখনৰ বাবে দলীয় প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলাই জনসাধাৰণক তেওঁলোকৰ প্ৰতি সমর্থন আগবঢ়াবলৈ আহ্বান জনায়। ওড়িশাৰ মুখ্যমন্ত্ৰী আৰু বিজেডিৰ মুৰববী নবীন পাটনায়কে কেউনঝাৰ আৰু ভদ্ৰাক সংসদীয় সমষ্টিত আয়োজিত নির্বাচনী সভাক সম্বোধন কৰি বিগত ২৪ বছৰত তেওঁৰ চৰকাৰে কৰি যোৱা কাম-কাজসমূহত আলোকপাত কৰে। আজি তেওঁ ভূৱনেশ্বৰত এটা বিশাল বোড শ্ব’ত অংশগ্ৰহণ কৰাৰ কথা আছে । ইপিনে প্রধানমন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্র মোদী দুদিনীয়া ওড়িশা ভ্রমণসূচীৰে কালি সন্ধিয়া ভূৱনেশ্বৰত উপস্থিত হয়। ভূৱনেশ্বৰত উপস্থিত হোৱাৰ পিছতেই প্রধানমন্ত্ৰীগৰাকীয়ে দলব মুখ্য কাৰ্যালয়ত বাজ্যিক বিজেপি নেতাসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈ নিৰ্বাচনী ৰণনীতি আৰু প্ৰস্তুতি সন্দৰ্ভত আলোচনা কবে। আজি তেওঁ পুৰীৰ শ্ৰীজগন্নাথ মন্দিৰ দৰ্শন কৰি এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰাৰ কথা আছে। ইয়াৰ পাছত শ্রীমোদীয়ে আংগুল আৰু কটকত নির্বাচনী ৰেলীক সম্বোধন কৰিব।

অধিক পঢ়ক

সকলো চাওক