ওড়িশাৰ জয়পুৰ জিলাত যোৱানিশা এখন যাত্রীবাহী বাছ দলঙৰ পৰা বাগৰি পৰাৰ ফলত এগৰাকী মহিলাসহ কমেও ৫জন লোকৰ প্ৰাণ হানি হোৱাৰ লগতে ৩৫ জন লোক আহত হয়। পুৰীৰ পৰা পশ্চিমবংগৰ হালদিয়ালৈ অহাৰ পথত ১৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰাবাতী দলঙত এই শোকাবহ দুর্ঘটনাটো সংঘটিত হয়। দুর্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যাত্ৰীসকলক উন্নত চিকিৎসাৰ বাবে কটকৰ এছ চি বি চিকিৎসা মহাবিদ্যালয় আৰু হাস্পটালত ভৰ্তি কৰোৱা হৈছে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে বাছখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। ওড়িশাৰ মুখ্যমন্ত্রী নবীন পাটনায়কে ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে । তেওঁ নিহতসকলৰ নিকট আত্মীয়লৈ ৩ লাখকৈ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে।
Site Admin | April 16, 2024 11:43 AM | Odisha Accident