ডাউনলোড
মোবাইল এপ

android apple
signal

ওড়িশাত আজিৰে পৰা আৰম্ভ হোৱা ৰথযাত্ৰাৰ বাবে ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ দেশবাসীক শুভেচ্ছা জ্ঞাপন

ওড়িশাত আজিৰে পৰা আৰম্ভ হোৱা প্ৰভূ জগন্নাথ, বলভদ্ৰ, দেৱী শুভদ্ৰা আৰু প্ৰভু সুদৰ্শনৰ বিশ্ব প্ৰসিদ্ধ ৰথযাত্ৰাৰ বাবে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। এই পবিত্ৰ ৰথযাত্ৰা প্ৰত্যক্ষ কৰিবলৈ ৰাষ্ট্ৰপতিগৰাকী কালি গৃহৰাজ্য ওড়িশাৰ ভূৱনেশ্বৰত উপস্থিত হয়। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে আজি সন্ধিয়া ৫ বজাত ৰথ টনা আৰু ভগৱান জগন্নাথৰ দৰ্শনৰ বাবে পবিত্ৰ তীৰ্থনগৰী পুৰীত একত্ৰ হৈছে। শ্রীজগন্নাথ মন্দিৰৰ সিংহদুৱাৰৰ সন্মুখত ৰথসমূহ স্থাপন কৰি শ্ৰীগুণ্ডিশা মন্দিৰলৈ নিবলৈ সাজু কৰা হৈছে। উল্লেখযোগ্য যে, ৰথসমূহ এই মন্দিৰত এসপ্তাহ থাকিব। ওড়িশা ৰাজ্য চৰকাৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ সুৰক্ষা আৰু ৰথ যাত্ৰা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে। উৎসৱস্থলীত প্ৰায় ১০ ৰ পৰা ১৫ লাখ ভক্তৰ সমাগম হোৱাৰ সম্ভাৱনা আছে। মহোৎসৱৰ সময়ত আইন শৃংখলা চোৱাচিতা আৰু জনসমাগম পৰিচালনাৰ বাবে ১৮০ গৰাকী নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। কৃত্রিম বুদ্ধিমত্তা ভিত্তিক চি চি টিভি কেমেৰাও স্থাপন কৰা হৈছে। ৰাষ্ট্ৰপতিগৰাকীৰ বাবে বাফাৰজনৰ পৰিকল্পনা কৰা হৈছে। আনহাতে, ওড়িশাৰ ৰাজ্যপাল ৰঘুবৰ দাস, মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি আৰু আন কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু অন্যান্য গণ্য মান্য ব্যক্তিৰ বাবে বিশেষ সুৰক্ষাৰ ব্যৱস্থা লোৱা হৈছে। ৰথযাত্ৰাৰ বাবে ওড়িশাৰ চৰকাৰে দুদিনীয়া চৰকাৰী বন্ধৰ ঘোষণা কৰিছে।

অধিক পঢ়ক

সকলো চাওক