ডাউনলোড
মোবাইল এপ

android apple
signal

ঐতিহাসিক শিৱদৌলত ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ ৪ দিনীয়াকৈ শিৱৰাত্ৰী উদযাপন

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত দৌল উন্নয়ন পৰিষদে সংবাদ মেল পাতি বিগত বছৰৰ দৰে এইবাৰো শিৱদৌলত শিৱৰাত্ৰী উদযাপনৰ দিহা কৰা হৈছে বুলি প্ৰকাশ কৰিছে। শিৱদৌল উন্নয়ন পৰিষদে জনোৱা অনুসৰি শিৱদৌলত ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ ৪ দিনীয়াকৈ শিৱৰাত্ৰী উদযাপন কৰা হ’ব। শিৱৰাত্ৰী উপলক্ষে আয়োজন কৰা মেলাত বিগত বছৰৰ দৰে এইবাৰো থলুৱা ব্যৱসায়ীৰ লগতে বহিঃৰাজ্যৰ ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰিব। ২৬ ফেব্ৰুৱাৰীৰ নিশা ৯ বাজি ৩০ মিনিটত পুজা আৰম্ভ হ’ব আৰু ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৯.৩০ বজাত শিৱৰাত্ৰীৰ পুজা সমাপ্ত হ’ব। দৌল পৰিষদে জনোৱা অনুসৰি ২৮ ফেব্ৰুৱাৰীৰ নিশা কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰিব। সেই নিশা ২ বজাত মহাশিৱৰাত্ৰী মেলা আনুষ্ঠানিকভাৱে অন্ত পৰিব।

অধিক পঢ়ক

সকলো চাওক