ডাউনলোড
মোবাইল এপ

android apple
signal

এ এছ বি চি এছীয়ান আৰু যুৱ বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ ৪৩টা পদক অৰ্জন

কাজাখাস্তানৰ আস্তানাত অনুষ্ঠিত এ এছ বি চি এছিয়ান ২২বছৰৰ অনুৰ্দ্ধ আৰু যুৱ বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় দলটোৱে ৪৩টাকৈ পদক লাভ কৰি দেশলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। লাভ কৰা ৪৩টা পদকৰ ভিতৰত ১২টা হৈছে সোণৰ পদক, বাকী ১৪টা ৰূপৰ আৰু ১৭টা ব্ৰঞ্জৰ পদক। ভাৰতীয় ২২ বছৰ অনুৰ্ধ দলটোৱে কালি ৭টা সোণৰ, ৫টা ৰূপৰ আৰু ৯টা ব্ৰঞ্জৰ পদকসহ ২১টা পদক লাভ কৰাৰ বিপৰীতে যুৱ শাখাই ৫টা সোণৰ, ৯টা ৰূপৰ, আৰু ৮টা ব্ৰঞ্জৰ পদকসহ ২২টা পদক লাভ কৰে। ৪৮টা পদক লাভ কৰা আয়োজক কাজাখস্তানৰ পিছতে ভাৰতে দ্বিতীয় সর্বাধিক পদক লাভ কৰিবলৈ সক্ষম হৈছে। ২২ বছৰ অনুৰ্ধ শাখাত কালি ৭ গৰাকী ভাৰতীয় খেলুৱৈয়ে সোণৰ পদক লাভ কৰে। পুৰুষৰ শাখাত বর্তমান যুৱ বিশ্ব চেম্পিয়ন বিশ্বনাথ সুৰেশে ৪৮ কিলোগ্রাম শাখাত কাজাখস্তানৰ কাৰাপ য়েৰ্নাৰক ৫-০ ফলাফলত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। ৫৭ কিলোগ্ৰামৰ ফাইনেলত নিখিলে কাজাখাস্তানৰ ছাবিৰ য়েৰবোলাটক পৰাস্ত কৰাৰ বিপৰীতে আকাশ গোর্খাই ৬০ কিলোগ্রাম শাখাত কাজাখস্তানৰ ৰুছলান কুজেউবায়েভৰ বিৰুদ্ধে ৪-১ ফলাফলত জয়লাভ কৰে।

মহিলা শাখাত অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰীতিয়ে ৫৪ কিলোগ্রাম শাখাত কাজাখস্তানৰ বাজাৰোভা এলিনাৰ বিৰুদ্ধে ফাইনেলত তিনি শূন্য ফলাফলত জয়লাভ কৰে। ইফালে, ৫৭ কিলোগ্রাম শাখাৰ ফাইনেলত পুনম পুনিয়াই কাজাখস্তানৰ চাকিছ আনেলক পৰাস্ত কৰাৰ বিপৰীতে ৬৩ কিলোগ্ৰামৰ ফাইনেলত প্ৰাচিয়ে আন এগৰাকী কাজাখস্তানৰ খেলুৱৈ অনাৰ তুৰ্চিনবেকক পৰাস্ত কৰে৷

অধিক পঢ়ক

সকলো চাওক