সাম্প্রতিক বিশ্ব চেম্পিয়ন ভাৰতৰ নিখত জাৰিনে কাজাখস্তানৰ আস্তানাত অনুষ্ঠিত চলিত বৰ্ষৰ এলাৰ্ডা কাপ বক্সিং প্রতিযোগিতাৰ মহিলাৰ ৫২ কিল’গ্রাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত কালি নিখটে আয়োজক দেশৰ টমিৰিছ মাইজাকুলৰ বিৰুদ্ধে ৫-০ গেমত বিজয় সাব্যস্ত কৰে। নিখটৰ উপৰি ৪৮ কিল’গ্রাম ওজন শাখাত মিনাক্ষী, ৫০ কিল’গ্রাম ওজন শাখাত অনামিকা আৰু ৬০ কিল’গ্ৰাম ওজন শাখাত মনীষায়ো ফাইনেলত স্থান নিশ্চিত কৰিছে। মিনাক্ষী আৰু মনীষাই ছেমি ফাইনেলত একেধৰণৰ আধিপত্য প্ৰদৰ্শন কৰি ৫-০ গেমত জয়লাভ কৰে। মিনাক্ষীয়ে কাজাখস্তানৰ গুলনাজ বুৰিবায়েভাৰ বিৰুদ্ধে জয় লাভ কৰাৰ বিপৰীতে মনীষাই টাংগাটাৰ আছেমক পৰাস্ত কৰে। আনহাতে, অনামিকাৰ প্ৰতিদ্বন্দ্বী কাজাখস্তানৰ গুলনাৰ টুৰাপবাইক নীতিবিৰুদ্ধ খেল প্ৰদৰ্শনৰ বাবে তিনিবাৰকৈ সতর্কবাণী দিয়াৰ পাছত খেলখনৰ পৰা অযোগ্য বুলি ঘোষণা কৰা হয় আৰু ভাৰতীয় খেলুৱৈগৰাকী ফাইনেললৈ অগ্ৰসৰ হয়। প্রতিযোগিতাৰ ফাইনেল খেলসমূহ কাইলৈ অনুষ্ঠিত হ’ব।
Site Admin | May 17, 2024 12:33 PM | Nikhat jarin
এলাৰ্ডা কাপ বক্সিং প্রতিযোগিতাত নিখত জাৰিন ফাইনেলত প্ৰৱেশ
