ভাৰতীয় বক্সাৰসকলে কাজাখস্তানৰ আস্তানাত অনুষ্ঠিত চলিত বৰ্ষৰ এল’ডা কাপ প্রতিযোগিতাৰ উদ্বোধনী দিনটোত জয়েৰে অভিযান আৰম্ভ কৰিছে। মহিলাৰ ৫২ কিল’গ্রাম ওজন শাখাত বৰ্তমানৰ বিশ্ব চেম্পিয়ন নিখত জৰিনে আয়োজক দেশৰ ৰাখীম্বার্দি ঝানছায়াক ৫-০ গেমত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হয়। ইপিনে মহিলাৰ ৪৮ কিল’গ্রাম ওজন শাখাত ভাৰতৰ মিনাক্ষীয়ে কাজাখস্তানৰ গাছিমোভা ৰ’ক্সানাৰ বিৰুদ্ধে ৪-১ গে’মত বিজয় সাব্যস্ত কৰে। আন এগৰাকী ভাৰতীয় খেলুৱৈ অনামিকাই মহিলাৰ ৫০ কিল’গ্রাম ওজন শাখাত ঝুমাবায়েভা আৰাইলিমক পৰাস্ত কৰে ৷ ইফালে পুৰুষৰ ৭৫ কিল’গ্রাম ওজন শাখাত ইছমীত সিং কাজাখস্তানৰ আমানুলী আৰ্মাৰ্টৰ হাতত ০-৫ গে’মত পৰাজয়ৰ সন্মুখীন হয়। মহিলাৰ ৫৪ কিল’গ্রাম ওজন শাখাত ভাৰতৰ ছোনিয়াও চীনৰ চাং ইউয়ানৰ বিৰুদ্ধে ০-৫ গে’মত পৰাস্ত হয় ৷ প্রতিযোগিতাত আজি ছবাৰকৈ এছিয়ান চেম্পিয়নশ্বিপৰ পদক অৰ্জন কৰা শিৱ থাপা আন পাঁচগৰাকী ভাৰতীয় খেলুৱৈৰ সৈতে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব। এইবেলি ২১ গৰাকী খেলুৱৈয়ে আগশাৰীৰ বক্সিং প্রতিযোগিতাখনত ভাৰতক প্রতিনিধিত্ব কৰিছে।
Site Admin | May 14, 2024 11:49 AM | Elorda Cup