দেশৰ চিকিৎসা মহাবিদ্যালয়সমূহত চলিত বৰ্ষৰ এম বি বি এছ, বি ডি এছ আদি পাঠ্যক্ৰমত নামভৰ্তিৰ কাউঞ্চেলিঙৰ বাবে পঞ্জীয়ন প্রক্রিয়া আগষ্ট মাহৰ প্ৰথম সপ্তাহত আৰম্ভ হ’ব। মেডিকেল কাউঞ্চেলিং কমিটীয়ে এই কথা প্ৰকাশ কৰি লগতে কয় যে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে কাউঞ্চেলিং পৰ্ব অহা ১৪ আগষ্টত আৰম্ভ হ’ব। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অধ্যক্ষ ডাঃ বি শ্রীনিবাসে, পঞ্জীয়ন আৰু কাউঞ্চেলিং সম্পৰ্কীয় সকলোধৰণৰ অগ্ৰগতিৰ বিষয়ে অৱগত হ’বলৈ শিক্ষার্থীসকলক মেডিকেল কাউঞ্চেলিং কমিটীৰ ৱেবছাইটত দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে এই কাউঞ্চেলিঙৰ জৰিয়তে এম বি বি এছ পাঠ্যক্ৰমত দেশৰ পৰা ১ লাখ ১০ হাজাৰ আৰু বি ডি এছৰ প্রায় ২১ হাজাৰ আসনৰ লগতে আয়ুস মন্ত্ৰালয়ৰ অধীনৰ পাঠ্যক্ৰমতো নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব। সূচী অনুসৰি অহা ১৪ আগষ্টৰ পৰা ২১ আগষ্টলৈ কাউঞ্চেলিং সম্পন্ন হোৱাৰ পাছত ২৩ আগষ্টত আসন আবণ্টনৰ ফলাফল ঘোষণা কৰা হ’ব। আনহাতে, ৬ ছেপ্তেম্বৰৰ পৰা ১০ ছেপ্তেম্বৰলৈ দ্বিতীয় পৰ্যায়ৰ কাউঞ্চেলিং সম্পন্ন হোৱাৰ পাছত দ্বিতীয় পৰ্যায়ৰ আসন আবণ্টন ১১ আৰু ১২ ছেপ্তেম্বৰত আৰু তৃতীয় তথা অন্তিম পৰ্যায়ৰ আবণ্টন প্রক্রিয়া ১৩ ছেপ্তেম্বৰত সম্পূৰ্ণ হ’ব। একেদৰে, চলিত বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পি জি অহা ১১ আগষ্টত অনুষ্ঠিত হ’ব বুলিও ঘোষণা কৰা হৈছে। এই পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে nbe.edu.in ৱেবছাইটৰ পৰা অহা ৮ আগষ্টত প্ৰৱেশ পত্র ডাউনলোড কৰিব পাৰিব বুলি পৰীক্ষাৰ দায়িত্বত থকা সংস্থা National Board of Examinations in Medical Sciences, NBEMS ৰ পৰা প্ৰকাশ কৰা হৈছে। নীট পি জিৰ এই পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আসনসমূহ পূৰণ কৰা হ’ব।
Site Admin | July 31, 2024 6:14 PM | MBBS Counselling