ভাৰতৰ প্ৰণতি নায়কে তুৰস্কৰ অন্তাল্যাত অনুষ্ঠিত ফেডাৰেচন ইণ্টাৰনেচনেল দি জিম্মাষ্টিক বিশ্বকাপ প্ৰতিযোগিতাৰ মহিলাৰ ভল্ট শিতানৰ ফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। এছিয়ান চেম্পিয়নশ্বিপৰ দুবাৰকৈ পদক বিজেতা প্রণতিয়ে কালি বিয়লি ১৩ দশমিক ৪-১-৭ স্ক’ৰৰে বিশ্বকাপৰ প্ৰথমটো পদক হস্তগত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জয়লা হেগে ১৩ দশমিক ৬-৬-৭ আৰু ক্লেয়ৰ পিজে ১৩ দশমিক ৫-৬-৭ স্ক’ৰৰে সোণ আৰু ৰূপৰ পদক লাভ কৰে।
Site Admin | March 23, 2025 11:38 AM | Pranati Nayak
এফ আই জি বিশ্বকাপ প্ৰতিযোগিতাৰ মহিলাৰ ভল্ট শিতানৰ ফাইনেলত প্ৰণতি নায়কৰ ব্ৰঞ্জৰ পদক অৰ্জন
