বেলজিয়ামৰ এণ্টৱাৰ্পত চলি থকা এফ আই এইচ হকী প্ৰ লীগত ইউৰোপীয়ান লীগৰ চতুৰ্থখন খেলত হৰমনপ্রীত সিঙৰ হেট্ৰিক গ’লৰ সহায়ত ভাৰতে আৰ্জেণ্টিনাক ৫-৪ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ হৈ খেলৰ ৭ মিনিটত অৰিজিত সিং হুণ্ডালে প্ৰথমটো গ’ল দিয়াৰ বিপৰীতে ১৮ মিনিটত গুৰবাণ্ট সিঙে দ্বিতীয়টো গ’ল দিয়ে। আনহাতে, হৰমনপ্রীত সিঙে খেলৰ ২৯, ৫০ আৰু ৫২ মিনিটত তিনিটা গ’ল দিয়াত ভাৰতীয় দলটোৱে বিজয় সাব্যস্ত কৰে। ভাৰতে অহা ১ জুনত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্ত্তী খেলখনত জাৰ্মানীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Site Admin | May 27, 2024 6:59 PM | Hockey
এফ আই এইচ হকী প্ৰ’ লীগত ইউৰোপীয়ান লীগৰ এখন খেলত ভাৰতৰ হাতত আৰ্জেণ্টিনা পৰাস্ত
