২০২৩-২৪ বৰ্ষৰ এফ আই এইচ প্ৰ লীগত ভাৰতৰ মহিলা হকী দলটোৱে নিজৰ প্ৰথমখন খেলত আৰ্জেণ্টিনাৰ হাতত ০-৫ গ’লত পৰাজিত হয়। খেলখনৰ প্ৰথমাৰ্ধত ভাৰতৰ খেলুৱৈসকলে নিয়ন্ত্ৰণ বৰ্তাই ৰাখিবলৈ আপ্রাণ চেষ্টা কৰে। অৱশ্যে কেইবাটাও পেনাল্টি কর্ণাৰ লাভ কৰা আৰ্জেণ্টিনাৰ তীব্ৰ চাপৰ সন্মুখীন হ’বলগীয়া হয় আৰু অৱশেষত ০-৫ গ’লৰ ব্যৱধানত পৰাজয়ৰৰণ কৰে। ভাৰতীয় দলটোৱে পৰৱৰ্ত্তী খেলখনত কাইলৈ বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Site Admin | May 23, 2024 12:46 PM | Indian Hockey Team
এফ আই এইচ প্ৰ’ লীগত ভাৰতৰ মহিলা হকী দল আৰ্জেণ্টিনাৰ হাতত ০-৫ গ’লত পৰাস্ত
