ডাউনলোড
মোবাইল এপ

android apple
signal

এপ্ৰিলৰ পৰা ছেপ্তেম্বৰৰ ভিতৰত আৰু ৩ লাখ হিতাধিকাৰীলৈ আবাস গৃহ প্ৰদান কৰা হ’বঃ মুখ্যমন্ত্রী

ৰাজ্যত প্ৰধানমন্ত্রী আবাস যোজনাৰ অধীনত ঘৰ বিতৰণৰ ক্ষেত্ৰত পূৰ্বতে উত্থাপিত দুৰ্নীতিৰ অভিযোগ নোহোৱা কৰি বৰ্তমান চৰকাৰে নোপোৱা মানুহখিনিৰো ঘৰৰ তালিকা সুন্দৰ ব্যৱস্থাৰে প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ পলাশবাৰীৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত ৩ লাখ ৮৮ হাজাৰ ৩৫৮ গৰাকী হিতাধিকাৰীক গৃহ অনুমোদন পত্ৰ কেন্দ্ৰীয়ভাৱে প্ৰদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে এনে ব্যৱস্থাৰ অংশ হিচাপে ঘৰ নোপোৱা লোকৰ জৰীপ চলোৱাৰ বাবে কোনো ব্যক্তিৰ ঘৰলৈ জীৱিকা সখী নগ’লে বা প্ৰ-পত্ৰ পূৰণ নকৰিলে গাঁৱৰ সংঘৰ যিকোনো লোকে ফটো তুলি আপলোড কৰিব পাৰিব। এতিয়াৰেপৰা ঘৰ লগা ব্যক্তিসকলে নিজেই জিঅ’ টেগিং কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
ৰাজ্য চৰকাৰে জনসাধাৰণৰ বাসগৃহৰ আৱশ্যকতা পূৰণত আৰু প্ৰধানমন্ত্ৰী আবাস যোজনাৰ জৰিয়তে সঠিক গৃহ নিৰ্মাণৰ সুবিধা সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰি আহিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ড° শৰ্মাই কয়, যে এপ্ৰিলৰ পৰা ছেপ্তেম্বৰৰ ভিতৰত আৰু ৩ লাখ হিতাধিকাৰীলৈ আবাস গৃহ প্ৰদান কৰা হ’ব। ইতিমধ্যে ২০ লাখ আবাসগৃহ নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্যত মুঠ ২৬ লাখ বাসগৃহ প্ৰদান কৰা হ’ব। তেওঁ কয়, যে অক্টোবৰৰ পৰা ৰাজ্যৰ প্ৰতিখন ৰেচন কাৰ্ডত বজাৰতকৈ কম মূল্যত দাইল, নিমখ আৰু চেনি দিয়া হ’ব। তেওঁ লগতে কয়, যে ৰাজ্যত বিহুৰ পাছত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ’ব আৰু ৩ৰ পৰা ৫ এপ্ৰিলৰ ভিতৰত এই নিৰ্বাচনৰ দিন-বাৰ ঘোষণা কৰা হ’ব। ড° শৰ্মাই কয়, যে মহিলা উদ্যমিতা আঁচনিৰ অধীনত পহিলা এপ্ৰিলৰ পৰা যোগ্য মহিলাসকলক ১০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব আৰু এই ধন সদ্ব্যৱহাৰ কৰা মহিলাসকলে ২৫ হাজাৰ টকাকৈ লাভ কৰিব। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসো উপস্থিত থাকে।
বিধানসভা সমষ্টি অনুসৰি গৃহ অনুমোদন পত্ৰ প্ৰদানৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু বিধায়কসকলে বিভিন্ন স্থানত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ধেমাজি জিলাৰ তিনিওটা বিধানসভা সমষ্টিতে একোখনকৈ সভাৰ জৰিয়তে জিলাখনৰ মুঠ ৪ হাজাৰ ২২৫ গৰাকী হিতাধিকাৰীক গৃহ অনুমোদন পত্ৰ প্ৰদান কৰা হয়। মাজুলী সমষ্টিৰ অন্তৰ্গত বনগাঁও ৰংগমঞ্চত জিলা আয়ুক্তৰ উপস্থিতিত সমষ্টিটোৰ ৪৬৩ গৰাকী হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত গৃহ অনুমোদন পত্ৰ প্ৰদান কৰা হয়। শিৱসাগৰত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত ৪ হাজাৰ ৪০৫ গৰাকী হিতাধিকাৰীলৈ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হয়। শিৱসাগৰৰ অনুষ্ঠানত শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকি ১০ গৰাকী হিতাধিকাৰীক অনুদানৰ প্ৰথম কিস্তিৰ ধন আনুষ্ঠানিকভাৱে বিতৰণ কৰে। চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত ৩ হাজাৰ ১৮৭ গৰাকী আৰু সোণাৰি বিধানসভা সমষ্টিৰ এহেজাৰ ৫৯৫ গৰাকী হিতাধিকাৰীক আজি প্রধানমন্ত্রী আবাস যোজনাৰ গৃহ অনুমোদন পত্ৰ বিতৰণ কৰা হয়। শোণিতপুৰ জিলাৰ ৫ টা বিধানসভা সমষ্টিৰ মুঠ ১৫ হাজাৰ ১৩৭ গৰাকী হিতাধিকাৰীক প্রধানমন্ত্রী আবাস যোজনাৰ অনুমোদিত পত্ৰ বিতৰণ কৰা হয়। জিলাখনৰ পাঁচোটা সমষ্টিতে আনুষ্ঠানিকভাৱে ১০ গৰাকীকৈ হিতাধিকাৰীক গৃহ অনুমোদন পত্ৰ দিয়া হয়। তামুলপুৰ জিলাৰ বৰনগৰত থকা তামুলপুৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত জিলা আয়ুক্তৰ উপস্থিতিত ১,১৯৬ গৰাকী হিতাধিকাৰীক প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত গৃহ অনুমোদন পত্ৰ প্ৰদান কৰা হয় । মৰিগাঁও জিলাত ১৩ হাজাৰ ৮০ গৰাকী হিতাধিকাৰীক গৃহ অনুমোদন পত্ৰ প্ৰদান কৰা হৈছে। জিলাখনৰ প্ৰতিটো সমষ্টিতে আজি আনুষ্ঠানিকভাৱে ১০ গৰাকীকৈ হিতাধিকাৰীক গৃহ অনুমোদন পত্ৰ প্ৰদান কৰা হয়। জাগীৰোড সম জিলাৰ জাগীভকত গাঁৱৰ বিষ্ণুৰাভা বিহুতলী মঞ্চত আয়োজিত ৰাজহুৱা সভাত মন্ত্রী পীযুষ হাজৰিকা উপস্থিত থাকি সমষ্টিটোৰ ২,৭৫৩ গৰাকী হিতাধিকাৰীক আবণ্টন পত্ৰ আৰু মুখ্যমন্ত্ৰীৰ শুভেচ্ছা পত্ৰ প্ৰদান কৰে। মঙলদৈৰ গান্ধী ময়দানত আয়োজিত অনুষ্ঠানত বিধায়ক বসন্ত দাস আৰু জিলা আয়ুক্তৰ উপস্থিতিত দৰং জিলাৰ মঙলদৈ বিধানসভা সমষ্টিৰ ৩ হাজাৰ ১২৭ গৰাকী হিতাধিকাৰীৰ মাজত গৃহ অনুমোদন পত্ৰ বিতৰণ কৰা হয়। কোকৰাঝাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত বড়ো স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো উপস্থিত থাকি কোকৰাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এহেজাৰ ১৪৬ গৰাকী হিতাধিকাৰীক প্রধানমন্ত্রী আবাস যোজনাৰ গৃহ অনুমোদন পত্ৰ প্ৰদান কৰে। চিৰাং জিলাত প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত ৫ হাজাৰ ৯১১ গৰাকী হিতাধিকাৰীলৈ প্ৰথম কিস্তিৰ ধন বিতৰণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছে। জিলা সদৰ কাজলগাঁৱৰ পেৰেড গ্রাউণ্ডত আয়োজিত অনুষ্ঠানত চিদলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু বিজনী ছোৱালী হাইস্কুল খেলপথাৰত আয়োজিত অনুষ্ঠানত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বজালী জিলা প্ৰশাসনৰ অধীনত মুঠ ৪ হাজাৰ ৮২১ গৰাকী হিতাধিকাৰীৰ মাজত আজি প্ৰধানমন্ত্রী আবাস যোজনাৰ গৃহ আবণ্টন পত্ৰ বিতৰণ কৰা হয়। অৱশ্যে আদর্শ নির্বাচনী আচৰণবিধি বলৱৎ হৈ থকাৰ বাবে বকো-ছয়গাঁও সমষ্টিত এই কাৰ্যসূচী অনুষ্ঠিত নহয়।

অধিক পঢ়ক

সকলো চাওক