May 1, 2024 8:20 PM | GST

printer

এপ্ৰিলত দেশত ২ লাখ ১০ হাজাৰ কোটি টকাৰ সৰ্বাধিক সামগ্ৰী আৰু সেৱা কৰ সংগৃহঃ বিত্ত মন্ত্ৰ্যালয়

দেশত এপ্ৰিলত ২ লাখ ১০ হাজাৰ কোটি টকাৰ সৰ্বাধিক সামগ্ৰী আৰু সেৱা কৰ সংগৃহীত হৈছে। কেন্দ্রীয় বিত্ত মন্ত্ৰ্যালয়ে কৈছে যে, বার্ষিক ভিত্তিত এই হাৰ ১২.৪ শতাংশ বৃদ্ধি পাইছে। ঘৰুৱা লেন-দেন আৰু আমদানি বৃদ্ধিৰ বাবে এই হাৰ বৃদ্ধি পোৱা বুলি কোৱা হৈছে। মন্ত্ৰ্যালয়ে কৈছে যে, এপ্রিলত সংগৃহীত মুঠ জি এছ টিৰ ভিতৰত ৪৩ হাজাৰ কোটি টকাৰ কেন্দ্ৰীয় জি এছ টি, ৫৩ হাজাৰ কোটিৰো অধিক টকাৰ ৰাজ্যিক জি এছ টি, ৯৯ হাজাৰ কোটিৰো অধিক টকাৰ সংহত জি এছ টি আৰু ১৩ হাজাৰো অধিক টকাৰ উপ-কৰ আছে। এপ্ৰিলত ৰিফাণ্ডৰ পাছত মুঠ জি এছ টি ৰাজহ ১ লাখ ৯২ হাজাৰ কোটি টকা হয় ৷ এই পৰিসংখ্যাৰ পৰা যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত সংগৃহীত সামগ্ৰী আৰু সেৱা কৰ ১৫.৫ শতাংশ বৃদ্ধি পোৱাটো স্পষ্ট হৈ পৰিছে।

অধিক পঢ়ক

সকলো চাওক