ডাউনলোড
মোবাইল এপ

android apple
signal

এন ডি এ-ক প্ৰগতিৰ অন্য নাম বুলি অভিহিত গৃহমন্ত্ৰী অমিত শ্বাহৰ

● জ্যেষ্ঠ বিজেপি নেতা তথা গৃহমন্ত্রী অমিত শ্বাহে আজি এন ডি এ-ক প্ৰগতিৰ অন্য নাম বুলি অভিহিত কৰিছে। বিহাৰৰ গোপালগঞ্জত এখন জনসভাত ভাষণ দি শ্ৰী শ্বাহে এই কথা প্রকাশ কৰে। গৃহমন্ত্ৰীগৰাকী বিহাৰ ভ্ৰমণৰ অন্তিম খেপত আজি পাৰ্টনাত এন ডি এৰ পাঁচোটা দলৰ নেতাসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। গোপালগঞ্জত এখন জনসভাক সম্বোধন কৰাৰ পাছত শ্ৰী শ্বাহে মুখ্যমন্ত্রী নীতিশ কুমাৰৰ চৰকাৰী বাসগৃহত এই নেতাসকলৰ সৈতে মিলিত হৈ বিহাৰ বিধানসভা নির্বাচন সম্পর্কীয় বিভিন্ন বিষয়ৰ লগতে নিৰ্বাচনী ৰণকৌশলৰ বিষয়ে আলোচনা কৰে। উল্লেখযোগ্য যে চলিত বছৰৰ শেষলৈ বিহাৰ বিধানসভা নির্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। জে ডি ইউৰ ৰাষ্ট্ৰীয় সভাপতি তথা মুখ্যমন্ত্রী নীতিশ কুমাৰ লগতে এল জে পি আৰ, হিন্দুস্তানী আৱাম মৰ্চা চেকুলাৰ আৰু ৰাষ্ট্ৰীয় লোকমৰ্চাৰ দৰে দলসমূহৰ নেতাসকলো উপস্থিত থাকে। নতুন দিল্লীত কিছুদিন পূর্বে আয়োজিত এন ডি এ মিত্ৰজোঁটৰ বৈঠকৰ পৰৱৰ্তী কাৰ্যসূচী আজিৰ বৈঠকত আলোচনা কৰা হয়। বিজেপিৰ বিনোদ তাৱাৰে, জে ডি ইউৰ কাৰ্যবাহী সভাপতি সঞ্জয় ঝাঁ, এল জে পিৰ ৰামবিলাসৰ মুৰববী চিৰাগ পাছৱান, হিন্দুস্তানী আৰাম মৰ্চা চেকুলাৰৰ মুৰব্বী জিতনৰাম মাঝি, ৰাষ্ট্ৰীয় লোকমৰ্চাৰ মুৰববী উপেন্দ্ৰ কুছৱাহা তথা কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্য মন্ত্ৰী তথা ৰাজনৈতিক নেতাই আজিৰ বৈঠকত অংশ লয়। বিহাৰ বিধানসভা নিৰ্বাচনত এন ডি এ মিত্রজোঁটে ২২৫ খন আসনত জয়লাভ কৰাৰ লক্ষ্য লোৱাৰ পৰিপ্ৰেক্ষিতত আজিৰ এই বৈঠক তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।

অধিক পঢ়ক

সকলো চাওক