এন ডি এৰ সাংসদসকলক সংসদৰ নিয়ম মানি চলিবলৈ, সংসদীয় সিদ্ধান্ত বৰ্তাই ৰাখিবলৈ আৰু ভাল আচৰণ প্ৰদৰ্শন কৰিবলৈ প্রধানমন্ত্ৰী মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এৰ সাংসদসকলক সংসদৰ নিয়ম মানি চলিবলৈ, সংসদীয় সিদ্ধান্ত বৰ্তাই ৰাখিবলৈ আৰু ভাল আচৰণ প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাইছে। নতুন চৰকাৰ গঠন হোৱাৰ পাছত এন ডি এৰ সংসদীয় দলৰ প্ৰথমলানি বৈঠকক সম্বোধন কৰি শ্ৰী মোদীয়ে এইদৰে প্ৰকাশ কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে প্রধানমন্ত্ৰীয়ে এন ডি এৰ সকলো সাংসদক ভাল আচৰণ প্ৰদৰ্শন কৰিবলৈ কৈছে। শ্ৰী ৰিজিজুৱে কয় যে বৈঠকত প্রধানমন্ত্ৰীয়ে দল নির্বিশেষে প্রত্যেকগৰাকী সাংসদক দেশৰ সেৱা কৰিবলৈ নিৰ্বাচন কৰা আৰু ৰাষ্ট্ৰ সেৱাই তেওঁলোকৰ আটাইতকৈ ডাঙৰ দায়িত্ব বুলি মন্তব্য কৰে। প্রধানমন্ত্রীয়ে লগতে পানী, পৰিৱেশ আৰু সামাজিক খণ্ডৰ লেখিয়া নিজৰ নিজৰ আগ্ৰহৰ বিষয়ত বিশেষ দক্ষতা আহৰণ কৰিবলৈ সাংসদসকলক উৎসাহিত কৰে। শ্ৰী মোদীয়ে প্ৰতিগৰাকী সাংসদক তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক প্রধানমন্ত্রী সংগ্ৰহালয় দেখুৱাবলৈ আহ্বান কৰে। শ্ৰী ৰিজিজুৱে কয় যে এই সংগ্ৰহালয়ত কোনোধৰণৰ ৰাজনৈতিক বৈষম্য অবিহনে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা বৰ্তমান প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ সকলো প্ৰধানমন্ত্ৰীৰ যাত্ৰা সুন্দৰকৈ উপস্থাপন কৰা হৈছে। ইয়াৰ পূৰ্বে এন ডি এ নেতা-সদস্যসকলে শ্রী মোদীক একেৰাহে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰে।

অধিক পঢ়ক

সকলো চাওক