প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সুচল শাসন, দ্রুত সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া আৰু শাসনৰ স্বচ্ছতাই এন ডি এ শাসিত ৰাজ্যসমূহক বিনিয়োগকাৰী আৰু বিনিয়োগ আকৰ্ষিত কৰাত সহায় কৰিছে। চণ্ডীগড়ত কালি এন ডি এৰ নেতাসকলৰ বৈঠকক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে এন ডি এ চৰকাৰে জনসাধাৰণৰ বৰ্ধিত আশা-আকাংক্ষা পূৰণ কৰি আহিছে আৰু সমাজৰ শেষৰজন ব্যক্তিক সেৱা প্ৰদান এন ডি এ চৰকাৰৰ বৈশিষ্ট্য। এই বৈশিষ্ট্যই ২০১৪ চনৰেপৰা চৰকাৰৰ প্ৰতি আস্থা গঢ়ি তোলাত সহায় কৰিছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে। জনসাধাৰণৰ সমস্যাৰাজিৰ সমাধান সূত্ৰ উলিওৱাটোৱে সুশাসনৰ অৰ্থ বুলি উল্লেখ কৰি তেওঁ কয় যে ওজৰ-আপত্তি নিষ্পত্তিৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা সমাধানকেন্দ্ৰিক শাসন ব্যৱস্থা সকলো এন ডি এ ৰাজ্য চৰকাৰৰ বিশেষ পৰিচয় হৈ পৰিছে। শ্ৰী মোদীয়ে জনহিতৈষী, সক্ৰিয় সুশাসনৰ অৱধাৰণাৰো ব্যাখ্যা আগবঢ়ায়। হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰাটো গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এন ডি এ মিত্রজোঁটে সমাজৰ সকলো শ্ৰেণীৰ আস্থা আৰু সমৰ্থন লাভ কৰিবলৈ সমৰ্থ হৈছে। বৈঠকত হাৰিয়ানাৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত এন ডি এ বিজেপিৰ জয়ৰ বাবে শ্ৰী মোদীক অভিনন্দন জ্ঞাপন কৰি এটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ভাৰতীয় সংবিধান প্রণয়নত ৭৫ সংখ্যক বাৰ্ষিকী সংবিধানৰ অমৃত মহোৎসৱ হিচাপে পালন কৰাৰ উদ্দেশ্যে আন এটা প্ৰস্তাৱ বৈঠকত গ্ৰহণ কৰা হয়। বৈঠকত ২০২৫ বৰ্ষত গণতন্ত্ৰৰ হত্যাৰ ৫০ সংখ্যক বৰ্ষ হিচাপে পালন কৰা সংকল্পও গ্রহণ কৰা হয়। ইয়াৰ উপৰি ভগৱান বীৰচা মুণ্ডা আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ ডেৰশ সংখ্যক জন্মবার্ষিকী আৰু অহা বছৰ অটল বিহাৰী বাজপেয়ীৰ জন্ম শতাব্দী পালন কৰাৰো সংকল্প লোৱা হয়।
Site Admin | October 18, 2024 8:37 PM | PM Modi Meeting