ডাউনলোড
মোবাইল এপ

android apple
signal

February 23, 2025 8:18 PM | Assam Education Dept

printer

এন আই এল পিৰ অধীনত ২০২২ বৰ্ষৰ পৰা ২০২৭ বৰ্ষলৈ ১৫ বছৰৰ ঊৰ্ধৰ দেশৰ নিৰক্ষৰ লোকসকলক সাক্ষৰ কৰাৰ বাবে শিক্ষা বিভাগৰ ১০৩৭ কোটি টকা ধাৰ্য

ৰাজ্যখনৰ শিক্ষা বিভাগে চিনাক্ত কৰা ১৫ বছৰৰ ঊৰ্ধৰ ৭ লাখ ১২ হাজাৰ নিৰক্ষৰ লোকক সাক্ষৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নতুন ভাৰত সাক্ষৰতা কাৰ্যসূচী, এন আই এল পিৰ অধীনত অভিযান চলি আছে। এই কাৰ্যসূচীৰ অধীনত ২০২২ বৰ্ষৰ পৰা ২০২৭ বৰ্ষলৈ ১৫ বছৰৰ ঊৰ্ধৰ দেশৰ নিৰক্ষৰ লোকসকলক সাক্ষৰ কৰাৰ বাবে ১০৩৭ কোটি টকা ধাৰ্য কৰা হৈছে। অসমত এই কাৰ্যসূচীৰ অধীনত ২০ কোটি টকা প্রথম পৰ্যায়ত মোকলাই দিয়া হৈছে। এইপর্যন্ত চৰকাৰৰ এই প্ৰয়াসৰ ফলস্বৰূপে ৰাজ্যখনত ১২,৯২৯ গৰাকী নিৰক্ষৰ লোকে শিক্ষা লাভ কৰিছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু দিব্যাংগ সকলৰ উপৰি শ্রমিক শ্ৰেণীৰ মহিলা আৰু কিশোৰীসকলক এই কাৰ্যসূচীৰ অধীনত শিক্ষাদানৰ বাবে অগ্ৰাধিকাৰ দিয়া হয়। ১৫ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰত এই নিৰক্ষৰ লোকসকলক শিক্ষাদানৰ বাবে ঠায়ে ঠায়ে প্রশিক্ষণ কাৰ্যসূচী, কৰ্মশালা আদিৰ আয়োজন তেওঁলোকক ভাষা আৰু সংখ্যাৰ জ্ঞান, বুনিয়াদী শিক্ষা আৰু বৃত্তিমুখী শিক্ষা দিয়া হয়। উল্লেখযোগ্য যে ২০১১ চনৰ পিয়ল অনুসৰি অসমত সাক্ষৰতাৰ হাৰ ৭২.১৯ শতাংশৰ পৰা সম্প্ৰতি ৮৫.৯ শতাংশলৈ বৃদ্ধি পাইছে বুলি ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ তথ্যত প্ৰকাশ পাইছে।

অধিক পঢ়ক

সকলো চাওক