এদিনৰ বিৰতিৰ মূৰত অসম বিধানসভাৰ বাজেট অধিবেশন কাইলৈৰ পৰা দিশপুৰত অনুষ্ঠিত হ’ব। কাইলৈ সদনত প্রশ্নোত্তৰ কালৰ পাছতেই ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব। আমাৰ সংবাদদাতাই জনোৱা মতে, কালি কোকৰাঝাৰত অনুষ্ঠিত বাজেট অধিবেশনৰ প্ৰথম দিনাৰ বৈঠকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত প্রকাশিত কেতবোৰ প্ৰসংগ সন্দৰ্ভতো সদনত শূন্যকালত আলোচনা হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ২০১৩ আৰু ২০১৪ বৰ্ষৰ অসম লোকসেৱা আয়োগে নিৰ্বাচন কৰা অসামৰিক সেৱাৰ বিষয়াৰ নিযুক্তত হোৱা কেলেংকাৰী সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই প্ৰায় ৩ বছৰ পূৰ্বেই প্ৰতিবেদন দাখিল কৰিছিল যদিও এই প্রতিবেদন বিধানসভাত দাখিল কৰা হোৱা নাছিল।
২০ ফেব্ৰুৱাৰীত অসম বিধানসভাৰ বাজেট অধিবেশনৰ কাৰ্যক্ৰমণিকা অনুষ্ঠিত হোৱাৰ পাছত পৰৱৰ্তী দহ দিন সদনৰ বৈঠক অনুষ্ঠিত নহয়। ৩ মাৰ্চৰ পৰা ৭ মার্চ শুকুৰবাৰলৈ সদনৰ বৈঠক অনুষ্ঠিত হ’ব। ১০ মাৰ্চত বিত্তমন্ত্রী অজন্তা নেওগে সদনত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যখনৰ সাধাৰণ বাজেট উত্থাপন কৰিব। বাজেট সম্পৰ্কীয় আলোচনাৰ বাবে ১১ আৰু ১২ মাৰ্চৰ দিন দুটা আছুতিয়াকৈ ৰখা হৈছে। ১৩ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ সদনৰ স্থায়ী সমিতিসমূহৰ বৈঠকৰ বাবে সদনৰ কাম-কাজ স্থগিত থাকিব। ২১, ২৪ আৰু ২৫ মাৰ্চত সদনৰ কাম-কাজ অনুষ্ঠিত হব আৰু ২৫ মাৰ্চত অসম বিধানসভাৰ অধিবেশন অনির্দিষ্ট কালৰ বাবে স্থগিত ৰখা হ’ব ।
আকাশবাণী গুৱাহাটী কেন্দ্রই বিধানসভা অধিবেশন অনুষ্ঠিত হোৱা দিনত প্ৰতি নিশা ৯ বাজি ১৫ মিনিটৰ পৰা ১০ মিনিটৰ বাবে বিধানসভাত আজিৰ দিনটো প্ৰচাৰ কৰিব। ইয়াৰ উপৰি ১০ মাৰ্চত বিত্তমন্ত্ৰীয়ে সদনত দিয়া বাজেট ভাষণ আকাশবাণী গুৱাহাটী কেন্দ্ৰই পোনপটীয়াকৈ প্ৰচাৰ কৰিব ।
Site Admin | February 18, 2025 7:44 PM | Assam Assembly
এদিনৰ বিৰতিৰ মূৰত কাইলৈ দিশপুৰত অসম বিধানসভাৰ বাজেট অধিবেশন
