এদিনীয়া ভ্রমণসূচীৰে ৰাছীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

Image

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ আজি বিয়লি এদিনীয়া ভ্রমণসূচীৰে ঝাৰখণ্ডৰ ৰাজধানী ৰাছীত উপস্থিত হয়। শ্ৰী শ্বাহে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক কমিটিৰ বৈঠকত অংশগ্ৰহণ কৰিব। তেওঁ লগতে দলৰ ৰাজ্যিক স্থায়ী গোটৰ বৈঠকত উপস্থিত থাকিব আৰু বিজেপি কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব।

Image

ঝাৰখণ্ড বিজেপিৰ মুৰব্বী বাবুলাল মাৰাণ্ডীয়ে জনোৱা অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লোকসভা নিৰ্বাচনত ৰাজ্যত বিজেপি তথা এন ডি এৰ ফলাফল সন্দৰ্ভতো পর্যালোচনা কৰিব। ঝাৰখণ্ডত চলিত বছৰৰ শেষৰফালে বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক