ইংলেণ্ডে কটকত আজি অনুষ্ঠিত এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক জয়ৰ বাবে ৩০৫ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত টছত জিকি প্রথমে বেট ধৰি ভ্ৰমণকাৰী দলটোৱে আটাইকেইটা উইকেট হেৰুৱাই ৩০৪ ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ জ’ ৰুটে সৰ্বাধিক ৬৯, বেন ডাকেটে ৬৫ আৰু লিয়াম লিভিংষ্টনে ৪১ ৰাণৰ বৰঙণি আগবঢ়ায়। জছ বাটলাৰ ৩৪ আৰু হেৰি ব্ৰুকে ৩১ ৰাণ সংগ্ৰহ কৰে। দলটোৱে আৰম্ভণিতে আক্ৰমণাত্মক বেটিং কৰিছিল যদিও ভাৰতীয় বলাৰৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত শেষৰফালে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱায়। ভাৰতৰ হৈ বলিং অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই সর্বাধিক তিনিটা উইকেট দখল কৰে। মহম্মদ ছামি, হৰ্ষিত ৰাণা, হার্দিক পাণ্ডিয়া আৰু বৰুণ চক্ৰৱৰ্ত্তীয়ে এটাকৈ উইকেট ভগাই লয়।
Site Admin | February 9, 2025 7:42 PM | India-England One day Cricket
এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক জয়ৰ বাবে ইংলেণ্ডৰ ৩০৫ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ
