এদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰলৈ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰলৈ যাব। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে ২৩,৩০০ কোটি ব্যয় সাপেক্ষ কৃষি তথা পশুপালন ক্ষেত্ৰৰ বিভিন্ন কাৰ্যসূচী মুকলি কৰিব। তেওঁ বানঝাৰা সম্প্ৰদায়ৰ ঐতিহ্যমণ্ডিত বানঝাৰা বিৰাছত সংগ্ৰহালটো মুকলি কৰিব। ইয়াৰ পাছতেই প্রধানমন্ত্ৰীয়ে থানেত ৩২,৮০০ কোটি ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব।
মহাৰাষ্ট্ৰৰ ৱাছিম জিলাত শ্রীমোদীয়ে প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ ১৮ সংখ্যক কিস্তিৰ ধন মুকলি কৰি দিব। এই আঁচনিৰ জৰিয়তে দেশৰ ৯ কোটি ৪ লাখ খেতিয়কে ২০ হাজাৰ কোটিকৈও অধিক টকাৰ পোনপটীয়া বিত্তীয় লাভ পাব। এই অনুষ্ঠানতেই তেওঁ মহাৰাষ্ট্ৰৰ খেতিয়কৰ বাবে নমো ছেটকাৰী মহাসম্মান নিধি আঁচনিৰ পঞ্চম কিস্তিৰ ২ হাজাৰ কোটি টকাৰ অতিৰিক্ত লাভ মুকলি কৰি দিব।
শ্রীমোদীয়ে ১,৯২০ কোটি টকা ব্যয় সাপেক্ষ কৃষি আন্তঃগাঁথনিমূলক পুঁজিৰ ৭,৫০০ টাতকৈও অধিক প্রকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিব।
থানেত শ্ৰীমোদীয়ে মেট্ৰ’ আৰু পথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল’ব। প্ৰায় ১৪,১২০ কোটি টকাৰে নিৰ্মিত বি কে চিৰ পৰা মুম্বাই মেট্ৰ’ লাইন থ্ৰীৰ আৰে জে ভি এল আৰ ষ্টেচনলৈ চলিবলগীয়া মেট্ৰ’ ৰে’লখন বি কে চি মেট্ৰ’ ষ্টেচনৰ পৰা ফ্লেগ অফ্‌ কৰিব। মেট’ লাইন থ্ৰী হৈছে মুম্বাই মহানগৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ মানুহৰ যাতায়তৰ মূল পথ আৰু ই অঞ্চলটোৰ জনসাধাৰণৰ যাতায়াতত সুবিধা আগবঢ়াব। এই মেট্ৰ’ লাইন থ্রীয়ে প্রতিদিনে প্রায় ১২ লাখ যাত্ৰীৰ যাতায়াত সম্ভৱ কৰি তুলিব বুলি আশা কৰা হৈছে।
শ্রীমোদীয়ে ১২ হাজাৰ ২০০ কোটি টকা ব্যয় সাপেক্ষ থানে ইণ্টিগ্ৰেল ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । এই ৰে’ল লাইনটোৰ মূল দৈৰ্ঘ্য ২৯ কিলোমিটাৰ আৰু ইয়াত ২০টা উচ্চ আৰু দুটা মাটিৰ তলত ষ্টেচন আছে। এই অভিলাষী আন্তঃগাঁথনি প্রকল্পটো, মহাৰাষ্ট্ৰৰ অন্যতম প্রধান উদ্যোগীক আৰু বাণিজ্যিক কেন্দ্ৰ থানেৰ ক্রমবর্ধমান পৰিবহণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ’ব।
ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে এলিভেটেড ইষ্টাৰ্ণ ফ্ৰীৱেৰ আধাৰশিলা স্থাপন কৰিব। প্ৰায় ৩ হাজাৰ ৩১০ কোটি টকা ব্যয় সাপেক্ষ এই প্ৰকল্প থানেৰ ছেদা নগৰৰ পৰা আনন্দ নগৰলৈ সম্প্ৰসাৰিত হ’ব। এই প্রকল্পই দক্ষিণ মুম্বাইৰ পৰা থানেলৈ সংযোগ প্ৰদান কৰিব। তদুপৰি প্ৰায় দুহেজাৰ ৫৫০ কোটি টকাৰ নবী মুম্বাই বিমান বন্দৰ প্ৰভাৱ অধিসূচিত এলেকাৰ প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰি শ্ৰীমোদীয়ে প্রায় ৭০০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে থানে পৌৰ নিগমৰ আধাৰশিলাও স্থাপন কৰিব।

অধিক পঢ়ক

সকলো চাওক