ডাউনলোড
মোবাইল এপ

android apple
signal

April 21, 2024 8:08 PM | Mayawati

printer

এতিয়া কেৱল প্ৰতিশ্ৰুতিৰে কাম নচলিব, বর্তমান জন-সাধাৰণে ভাল দিনৰ সপোনৰ বাস্তৱিকতা ভালকৈয়ে বুজি পাইছেঃ বি এছ পিৰ মুৰব্বী মায়াৱতী

বি এছ পিৰ মুৰব্বী মায়াৱতীয়ে আজি গাজিয়াবাদত এখন নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে। মায়াৱতীয়ে কয় যে, এতিয়া কেৱল প্ৰতিশ্ৰুতিৰে কাম নচলিব। বর্তমান জন-সাধাৰণে ভাল দিনৰ সপোনৰ বাস্তৱিকতা ভালকৈয়ে বুজি পাইছে। মায়াৱতীয়ে কয় যে, কেন্দ্ৰত এইবাৰ বিজেপি ঘূৰি আহিবলৈ সমৰ্থ নহ’ব। তেওঁ কয় যে, অকল বিনামূলীয়া ৰেচনে জনসাধাৰণক লাভান্বিত নকৰে আৰু কেৱল কাম কৰাৰ সুবিধা প্ৰদান কৰিলেই জীৱন-ধাৰণৰ মান উন্নীত হ’ব নোৱাৰে। শ্ৰীমায়াৱতীয়ে কয় যে, বৰ্তমানৰ বিজেপি চৰকাৰৰ জাতিবাদী, সাম্প্ৰদায়িক আৰু পুঁজিবাদী চিন্তা-ধাৰা তথা নীতিসমূহে কৃষকসকলৰ উন্নীতকৰণত সহায় কৰিব পৰা নাই। যুৱক-যুৱতীসকলক নিয়োগ প্রদান তথা শিক্ষানীতি উন্নীতকৰণৰ বাবে চৰকাৰখনে কোনো কাম কৰা নাই বুলি তেওঁ লগতে মন্তব্য কৰে । বি এছ পিৰ মুৰব্বীগৰাকীয়ে কয় যে, ধৰ্মৰ নামত ৰাজনীতি কৰাৰ বাবে দলটোক এইবাৰ জনসাধাৰণে উচিত শিক্ষা দিব। কথা আৰু কামৰ মাজত পাৰ্থক্য থকা চৰকাৰখনক কেন্দ্ৰলৈ অহাৰ ক্ষেত্ৰত বাধা দিব লাগিব বুলিও তেওঁ কয় আৰু ইয়াৰ বাবে বিজেপি, কংগ্ৰেছ আৰু অন্যান্যসকলৰ পৰিৱৰ্তে বি এছ পিক ভোট দিবলৈ তেওঁ সকলোকে আহ্বান জনায়। তেওঁ কয় যে, বি এছ পি চৰকাৰ গঠন হ’লে সমাজৰ প্ৰতিটো শ্ৰেণীৰে বিকাশ সম্ভৱ হ’ব। সাধাৰণ জনতাৰ লগতে জনজাতি, মুছলমান, দলিত আৰু অন্যান্য ধর্মীয় তথা সংখ্যালঘু লোকসকলৰ উন্নয়নৰ উদ্দেশ্যে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰা হ’ব বুলিও তেওঁ সজোৰে কয়।

অধিক পঢ়ক

সকলো চাওক