সমাগত এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ বাবে এইপর্যন্ত কমেও ১৪ হাজাৰ লোকে পঞ্জীয়ন কৰিছে। সন্মিলনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ পৰিদৰ্শন কৰি এই কথা প্ৰকাশ কৰে। পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীয়ে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ পৰা এই সন্মিলনৰ প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে এই সন্মিলনৰ অংশ হিচাপে ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত হ’বলগীয়া ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমুইৰ বিনন্দিনীৰ চূড়ান্ত প্রস্তুতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। ড০ শৰ্মাই এই অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলৰ থকা-খোৱাৰ সুবিধাকে ধৰি সকলো দিশৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে বৈঠকত উপস্থিত থকা মন্ত্ৰীসকল আৰু চৰকাৰী বিষয়াসকলক দুয়োটা অনুষ্ঠান সফলতাৰে ৰূপায়ণ কৰাৰ বাবে প্ৰতিটো দিশ সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ আহ্বান জনায়। তদুপৰি দুয়োটা অনুষ্ঠানত ৰাজ্যখনৰ বিনিয়োগৰ সুবিধা আৰু সাংস্কৃতিক ঐতিহ্যক সুন্দৰৰূপত প্ৰতিফলিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে। এই পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী বিমল বৰা, কেশৱ মহন্ত, ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটা আৰু আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিং উপস্থিত আছিল।
পৰ্যটন মন্ত্ৰী ৰণজিত কুমাৰ দাসে কালি এই সন্মিলনৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ ৩৭ খন হোটেলৰ পৰিচালন সঞ্চালক আৰু প্ৰবন্ধক সকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে এই শীৰ্ষ সন্মিলন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে তেওঁলোকৰ সহযোগিতা কামনা কৰে। এই আলোচনাত অসম পর্যটন উন্নয়ন নিগম লিমিটেডৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, উপাধ্যক্ষ দিলীপ কুমাৰ দাসকে ধৰি বিভাগটোৰ কেইবাগৰাকী বিষয়াই ভাগ লয়।
Site Admin | February 20, 2025 12:17 PM | CM
এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ বাবে এইপর্যন্ত কমেও ১৪ হাজাৰ লোকৰ পঞ্জীয়ন
