এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যত ব্যাপক প্ৰস্তুতি অব্যাহত আছে। আজি কেইবাগৰাকীও মন্ত্ৰীয়ে এই সন্মিলন সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই আজি গুৱাহাটীত জনতাভৱনৰ কাৰ্যালয় কক্ষত সন্মিলনৰ আদৰণি সমিতি, নীতি নিৰ্ধাৰণ আৰু যাতায়ত ব্যৱস্থাপনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে এই সন্মিলনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। আজিৰ এই বৈঠকত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিবৰ উপৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। মন্ত্রী পীযূষ হাজৰিকাই আজি এই সন্মিলনৰ অংশ হিচাপে শোণিতপুৰ আৰু বিশ্বনাথ জিলাক সামৰি অনুষ্ঠিত এখন কর্মশালাত অংশ লয়। জিলা দুখনৰ কমেও ২৫০ গৰাকী উদ্যোগীয়ে অংশ লোৱা কৰ্মশালাত স্থানীয় উদ্যমী, বিভিন্ন অংশীদাৰ আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ সৈতে মন্ত্ৰীগৰাকীয়ে মত-বিনিময় কৰে। উল্লেখযোগ্য যে ৰাজ্যখনত বিনিয়োগ আৰু আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে আয়োজিত এই সন্মিলনে বিভিন্ন দিশত সুযোগৰ সন্ধান দিব বুলি আশা কৰা হৈছে। জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি এই সন্মিলনৰ বিষয়ে প্ৰকাশ কৰি অসমৰ ঔদ্যোগীক ক্ষেত্ৰখনত নতুনকৈ সংযোজিত চেমিকণ্ডাক্টৰ খণ্ডলৈ বিনিয়োগকাৰীক আকৰ্ষণৰ ক্ষেত্ৰত সন্মিলনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে।
Site Admin | February 10, 2025 8:03 PM | Advantage Assam | Advantage Assam 2.0 | Akashvani Guwahati | CMO Assam
এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি অব্যাহত
