দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্ৰণেৰে কাইলৈ আৰু পৰহিলৈ গুৱাহাটীত হ’বলগীয়া উত্তৰ- পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ পৰিদৰ্শন কৰি এই শীৰ্ষ সন্মিলনৰ অন্তিম প্ৰস্তুতিৰ বুজ লয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ এই সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰী শৰ্মাই সন্মিলন উপলক্ষে নির্মীয়মান সভাকক্ষ, পেভেলিয়ন, প্ৰদৰ্শনীস্থলীকে ধৰি অন্যান্য সা-সুবিধাসমূহৰ বুজ লোৱাৰ উপৰি সন্মিলনখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় নির্দেশ দিয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ নেতৃত্বত ৪৫ খন দেশৰ ৰাষ্ট্রদূত তথা উচ্চায়ুক্তসকলৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল এডভান্টেজ আছাম শীৰ্ষ সন্মিলনত অংশ লোৱাৰ বাবে আজি বিয়লি গুৱাহাটীত উপস্থিত হয়। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰাৰ উপৰি ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী আৰু শীর্ষ বিষয়াই তেওঁলোকক আদৰণি জনায়। উল্লেখযোগ্য যে, কালি ড০ জয়শংকৰৰ নেতৃত্বত এই দলটো যোৰহাটত উপস্থিত হয়। দলটোৱে কালি কাজিৰঙাত নিশা যাপন কৰি আজি পুৱা হাতী ছাফাৰী কৰাৰ পাছত মিহিৰমুখৰ পিলখানাত হাতীক বিভিন্ন খাদ্য খুৱায়। ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে এয়া সঁচাকৈয়ে এক অনন্য অভিজ্ঞতা বুলি মন্তব্য কৰে। ড০ জয়শংকৰৰ নেতৃত্বত এই ৰাষ্ট্ৰদূতসকলৰ অসম ভ্রমণে ৰাজ্যৰ বাবে বিদেশৰ সৈতে সহযোগিতাৰ অলেখ সুযোগ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰী শৰ্মাই আশা প্রকাশ কৰে। উল্লেখযোগ্য যে ৰিলায়েন্স, আদানী, বেদান্ত, জে এছ ডব্লিউ, ৱেলম্পুন গ্ৰুপকে ধৰি দেশ-বিদেশৰ শীৰ্ষ উদ্যোগপতিসকলে এই শীৰ্ষ সন্মিলনত ভাগ ল’ব।
এডভান্টেজ আছাম শীর্ষ সন্মিলনৰ বাবে গুৱাহাটী মহানগৰীৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অনুষ্ঠানৰ সময়ছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে পৰ্যাপ্ত সংখ্যক সুৰক্ষা কৰ্মী নিয়োগ কৰাৰ উপৰি সকলো দিশত নিৰাপত্তাৰক্ষী সকলে চোকা দৃষ্টি ৰাখিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কেবিনেট মন্ত্ৰী, বিশিষ্ট উদ্যোগপতি আৰু ৰাষ্টদূতসকলৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত অতিৰিক্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক তথা বিশেষভাৱে সক্ষম ব্যক্তি আৰু জৰুৰীকালীন বাহন আদিৰ চলাচলত সুবিধা হোৱাকৈ মহানগৰ আৰক্ষী জিলা প্ৰশাসনে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। আজিৰেপৰা পৰা পৰহিলৈ পৰ্যন্ত এই নিৰ্দেশনাসমূহ কাৰ্যকৰী হ’ব।
Site Admin | February 24, 2025 7:57 PM | Advantage Assam 2.0 | Advantage Assam CM | DR. S. joysankar | S Jayshankar
এডভান্টেজ আছাম শীৰ্ষ সন্মিলনত অংশ লোৱাৰ বাবে গুৱাহাটীত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ
