ডাউনলোড
মোবাইল এপ

android apple
signal

এডভান্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মুম্বাইত কেইবাগৰাকীও শীৰ্ষ উদ্যোগীক সাক্ষাৎ

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত ৰাজ্যখনত হ’বলগীয়া এডভান্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি মুম্বাইত কেইবাগৰাকীও শীৰ্ষ উদ্যোগীক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে এই সাক্ষাৎকালত তেওঁলোকক অসম চৰকাৰে শেহতীয়াকৈ ষ্টাৰ্ট আপ আৰু উদ্ভাৱন নীতিত অনুমোদন জনাইছে বুলি জানিবলৈ দিয়ে। কালি মুম্বাইত জে এছ ডব্লিঅ’ গোটৰ অধ্যক্ষ সজ্জন জিন্দালৰ সৈতে হোৱা আলোচনাত তেওঁ লগতে আন্তঃগাথনি তথা শক্তিখণ্ডত ৰাজ্য চৰকাৰৰ সৈতে প্ৰতিষ্ঠানটোৰ অংশীদাৰিত্বৰ সম্ভাৱনা সম্পৰ্কে আলোচনা কৰে। ৰাজ্যত বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে শ্রীজিন্দালক অৱগত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্য চৰকাৰে পৰৱৰ্তী ৫ বছৰত ৫ হাজাৰ ষ্টাৰ্টআপ প্ৰতিষ্ঠানক সহায় কৰাৰ লগতে এক লাখ কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে অগ্ৰসৰ হৈছে। তেওঁ কয়, যে ৰাজ্যখনত এতিয়া ভাসমান সৌৰশক্তি প্রকল্প, জৈৱ চি এন জিৰ পৰা সেউজ হাইড্ৰ’জেনলৈকে সেউজ শক্তি আহৰণৰ দিশত সুযোগ সৃষ্টি হৈছে। ৰাজ্যখনে বিনিয়োগকাৰীসকলৰ বাবে সূচল নীতি প্ৰস্তুত কৰা বুলিও তেওঁ মন্তব্য কৰে। ড০ শৰ্মাই জে এছ ডব্লিঅ গোটৰ অধ্যক্ষ সজ্জন জিন্দালক আসন্ন এডভান্টেজ আচাম সন্মিলনৰ দ্বিতীয় সংস্কৰণলৈ আমন্ত্ৰণ জনায়। পাছত মুখ্যমন্ত্ৰীয়ে ৱেলস্পন ৱৰ্ল্ডৰ অধ্যক্ষ বি কে গোৱেঙ্কাকো সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে শ্রীগোয়েংকাৰ সৈতে বস্ত্ৰ, শক্তি, জল পৰিশোধন আৰু আন্তগাথনি আদি বিষয় লৈ আলোচনা কৰে। অধ্যক্ষগৰাকীক এডভান্টেজ আচামৰ দ্বিতীয় সংস্কৰণলৈ আমন্ত্ৰণ জনাই প্ৰতিষ্ঠানটোৰ অসমৰ বিভিন্ন খণ্ডত কাম কৰাৰ পৰিকল্পনাসমূহক কাৰ্যৰূপ দিয়াত এই সন্মিলন উপযুক্ত মঞ্চ হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ড০ শৰ্মাই কালি এছাৰ গ্ৰুপৰ উপাধ্যক্ষ ৰুবী ৰুইয়াক সাক্ষাৎ কৰি অসমত ইলেকট্রিক ট্রাক নিৰ্মাণ আৰু নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত সম্ভাব্য সহযোগিতাৰ বিষয়ে আলোচনা কৰে।

অধিক পঢ়ক

সকলো চাওক