ডাউনলোড
মোবাইল এপ

android apple
signal

January 29, 2025 8:39 PM | Advantage Assam

printer

এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতিৰ বুজ ল’লে মন্ত্ৰী বিমল বৰাই

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসমক বিনিয়োগৰ থলী আৰু দেশৰ শীৰ্ষৰ ৰাজ্যসমূহৰ অন্যতমৰূপে গঢ়ি তোলাৰ লক্ষ্যত অটল হৈ আছে। ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতিৰ বুজ লৈ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা কোম্পানী বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে আসন্ন এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ ৫ খন সহযোগী ৰাষ্ট্ৰ আৰু এই বিনিয়োগ সন্মিলনত অংশগ্রহণ কৰিবলগীয়া বিশ্বৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ উদ্যোগপতিসকলৰ সৈতে এই লক্ষ্যত উপনীত হ’বলৈ সমৰ্থ হ’ব। তেওঁ লগতে এডভান্টেজ আছাম সন্মিলন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে বিষদ পৰিকল্পনা আৰু কৌশল ৰূপায়ণ সুনিশ্চিত কৰিবলৈ সকলোৰে প্রতি আহ্বান জনায়। পর্যালোচনা বৈঠকত অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্ৰ প্ৰতাৰ সিং, উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং আৰু বিভাগৰ আন ভালেসংখ্যক জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক