ডাউনলোড
মোবাইল এপ

android apple
signal

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্ৰণেৰে কাইলৈ আৰু পৰহিলৈ গুৱাহাটীত হ’বলগীয়া উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ পৰিদৰ্শন কৰি এই শীৰ্ষ সন্মিলনৰ অন্তিম প্ৰস্তুতিৰ বুজ লয়।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ এই সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰী শৰ্মাই সন্মিলন উপলক্ষে নির্মীয়মান সভাকক্ষ, পেভেলিয়ন, প্রদর্শনীস্থলীকে ধৰি অন্যান্য সা-সুবিধাসমূহৰ বুজ লোৱাৰ উপৰি সন্মিলনখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় নির্দেশ দিয়ে। ইতিমধ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ নেতৃত্বত বিভিন্ন দেশৰ ৬১ গৰাকী ৰাষ্ট্রদূত কালি যোৰহাটত উপস্থিত হয়। ড০ জয়শংকৰৰ নেতৃত্বত এই ৰাষ্ট্ৰদূতসকলৰ অসম ভ্রমণে ৰাজ্যৰ বাবে বিদেশৰ সৈতে সহযোগিতাৰ অলেখ সুযোগ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰী শৰ্মাই আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰিলায়েন্স, আদানী, জে এছ ডব্লিউ গ্ৰুপকে ধৰি দেশ-বিদেশৰ শীৰ্ষ উদ্যোগপতিসকলে এই শীৰ্ষ সন্মিলনত ভাগ ল’ব। এডভান্টেজ আছাম শীর্ষ সন্মিলনৰ বাবে গুৱাহাটী মহানগৰীৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অনুষ্ঠানৰ সময়ছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে পৰ্যাপ্ত সংখ্যক সুৰক্ষা কৰ্মী নিয়োগ কৰাৰ উপৰি সকলো দিশত নিৰাপত্তাৰক্ষী সকলে চোকা দৃষ্টি ৰাখিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেবিনেট মন্ত্রী, বিশিষ্ট উদ্যোগপতি আৰু ৰাষ্ট্ৰদূতসকলৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত অতিৰিক্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক তথা বিশেষভাৱে সক্ষম ব্যক্তি আৰু জৰুৰীকালীন বাহন আদিৰ চলাচলত সুবিধা হোৱাকৈ মহানগৰ আৰক্ষী জিলা প্ৰশাসনে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। আজিৰেপৰা পৰা পৰহিলৈ পৰ্যন্ত এই নিৰ্দেশনাসমূহ কাৰ্যকৰী হ’ব।

অধিক পঢ়ক

সকলো চাওক