■ এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা যোৱা নিশা ছিংগাপুৰত উপস্থিত হয়। ছিংগাপুৰত উপস্থিত হোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীক ভাৰতৰ উচ্চায়ুক্ত ড০ শিল্পক আম্বুলেই আদৰণি জনায়।
এই ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই ছিংগাপুৰ চৰকাৰ আৰু দেশখনৰ উদ্যোগপতিসকলৰ সৈতে আলোচনাত মিলিত হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ৰোড শ্ব’তো অংশগ্ৰহণ কৰাৰ লগতে বাণিজ্যিক সহযোগিতা আৰু বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ প্ৰতিষ্ঠিত উদ্যোগপতিসকলৰ সৈতে কেইবাখনো পৃথক বৈঠকত অংশগ্ৰহণ কৰিব। ইপিনে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে হ’বলগীয়া এডভান্টেজ আছামৰ বাবে ৰাজ্যত ব্যাপক প্রস্তুতি অব্যাহত আছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু ভালেসংখ্যক দেশী-বিদেশী উদ্যোগীয়ে অংশগ্রহণ কৰিবলগীয়া এই সন্মিলনখন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।