ডাউনলোড
মোবাইল এপ

android apple
signal

February 26, 2025 11:30 AM | Advantage Assam 2.0

printer

এডভান্টেজ আছামত দেশ-বিদেশী বিনিয়োগকাৰীৰ অসমৰ বাবে ১ লাখ ৮০ হাজাৰ কোটি টকা বিনিয়োগৰ কথা ঘোষণা

এডভান্টেজ আছামৰ কালি প্ৰথমদিনা দেশ-বিদেশৰ বহু কেইটা উদ্যোগ প্রতিষ্ঠান আৰু উদ্যোগীয়ে ৰাজ্য চৰকাৰৰ সৈতে বিনিয়োগৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। তদুপৰি, দক্ষতা বিকাশ, নিযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত কেইবাখনো বুজাবুজিৰ চুক্তিত সম্পাদন হয়। আদানী, ৰিলায়েন্স, বেদান্তা আৰু টাটা গ্রুপে কালি সন্মিলনৰ আৰম্ভণিতে ১ লাখ ৮০ হাজাৰ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰে। বিনিয়োগকাৰীসকলে অসমত মূলতঃ নবীকৰণযোগ্য শক্তি, স্বাস্থ্য সেৱা, গেছ বিতৰণ আৰু উৎপাদন, সেউজ গেছ, পৰ্যটন আৰু শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। এই বিনিয়োগৰ জৰিয়তে ৰাজ্যখনৰ ঔদ্যোগিক ক্ষমতা বৃদ্ধি পোৱাৰ লগতে নিয়োগৰ সুযোগ আৰু বহনক্ষম উন্নয়নৰ পথ মুকলি হ’ব বুলি আশা কৰা হৈছে। বেদান্তা গ্রুপে অসমত তেল আৰু গেছ খণ্ডৰ উপৰি নিয়োগ সৃষ্টি, সামাজিক অর্থনৈতিক পৰিবৰ্তন আৰু জৈৱ বৈচিত্ৰৰ সংৰক্ষণৰ বাবে ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰে। এছাৰ গ্ৰুপে বহনক্ষম উন্নয়নক আগুৱাই নিয়াৰ লক্ষ্যৰে নৱীকৰণযোগ্য শক্তি প্রকল্প স্থাপনৰ বাবে ২১ হাজাৰ কোটি টকাৰ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। একেদৰে, ৰিলায়েন্স গোটে মেগা ফুড পার্ক, সপ্ত তাৰকাযুক্ত হোটেল, জৈৱ ইন্ধনৰকে ধৰি ৫ টা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত অহা ৫ বছৰৰ বাবে ৫০ হাজাৰ কোটিৰো অধিক ধন বিনিয়োগৰ কথা ঘোষণা কৰে। আদানী গোটে এৰ’চিটি, চিমেণ্টকে ধৰি বিভিন্ন ক্ষেত্ৰত ৫০হাজাৰ কোটি টকা বিনিয়োগ কৰিব।

অধিক পঢ়ক

সকলো চাওক