অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া এডভাণ্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি কুৱালালামপুৰত মালয়েছিয়াৰ ডিজিটেল মন্ত্ৰী গোবিন্দ সিং দেউ আৰু ডিজিটেল উপ-মন্ত্রী উইছন ওগাক সাক্ষাৎ কৰে। ইয়াৰ পাছত তেওঁ ডিজিটেল উপ-মন্ত্রী উইছন ওগাৰ সৈতে অসম আৰু মালয়েছিয়াৰ মাজত তথ্য প্রযুক্তি খণ্ডত সহযোগিতা আৰু সমৰ্থন সন্দৰ্ভত বৈঠকত মিলিত হয়। বৈঠকত অত্যাধুনিক তথ্য প্রযুক্তি আৰু ছফ্টৱেৰ, ডাটা সুৰক্ষা, চাইবাৰ নিৰাপত্তা আদিকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত মন্ত্ৰীগৰাকীয়ে কুৱালালামপুৰৰ পুত্রজায়াত মালয়েছিয়া চৰকাৰৰ পৰ্যটন, কলা আৰু সংস্কৃতি উপ-মন্ত্ৰী খাইৰুল ফিদোছ আকবৰ খানক সাক্ষাৎ কৰে। তেওঁ লগতে দেশখনৰ বিনিয়োগ, বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ উপ-মন্ত্রী লিউ চিন টঙক সাক্ষাৎ কৰি অসমত ছেমি কণ্ডাক্টৰ খণ্ডৰ বিকাশৰ ক্ষেত্ৰত মালয়েছিয়াৰ সহায়, সমর্থনৰ বাবে অনুৰোধ জনায়। উল্লেখযোগ্য যে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰৰ বাবে তিনিদিনীয়া ভ্ৰমণসূচীৰে মালয়েছিয়ালৈ যোৱা মন্ত্ৰী কেশৱ মহন্তই আজি ভ্ৰমণৰ অন্তিম দিনা দেশখনৰ বিভিন্ন বিভাগৰ প্ৰতিনিধিসকলক এই শীর্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে আমন্ত্রণ জনায়। এই সময়ছোৱাত মন্ত্ৰীগৰাকীক মালয়েছিয়াত থকা ভাৰতৰ উপ-উচ্চায়ুক্ত সুভাসিনী নাৰায়ণন, অসম চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা উদ্যম বিভাগৰ সচিব ডাঃ এছ লক্ষ্মনন, ভাৰতৰ উচ্চ আয়োগৰ বাণিজ্য সচিব ড০ অৰবিন্দকে ধৰি আন কেইবাগৰাকী ব্যক্তিয়ে সংগ দিয়ে।
Site Admin | January 14, 2025 9:23 PM | Keshab Mahanta at Malaysia