দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্রণেৰে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে পূর্ণোদ্যমে প্রস্তুতি চলাইছে। এই শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৰ পৰ্যটন, কৃষি, ছেমি কণ্ডাক্টৰ, নৱীকৰণযোগ্য শক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত বিনিয়োগৰ সুযোগৰ বিষয়ে সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰি আহিছে।
সাংসদ দিলীপ শইকীয়াই এই সন্মিলনৰ সফল ৰূপায়ণৰ সন্দৰ্ভত কালি বিজেপিৰ অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয়ত দলৰ মুখপাত্ৰ আৰু বিভিন্ন বিভাগৰ আহ্বায়ক, সহ-আহ্বায়কসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলি হয়। বৈঠকত সন্মিলনৰ সাংগঠনিক বিষয়সমূহতো আলোচনা কৰা হয়।
ইপিনে অসমৰ চাহৰ ২০০ বছৰীয়া চহকী ঐতিহ্য উদযাপনৰ উদ্দেশ্যে পৰহিলৈ হ’বলগীয়া ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ বাবে সৰুসজাইত কালিৰে পৰা কেন্দ্ৰীয়ভাৱে আখৰা অনুষ্ঠিত হৈছে। ৰাজ্যৰ বিভিন্ন জিলাৰ ৯ হাজাৰৰো অধিক চাহ জনগোষ্ঠীৰ শিল্পীয়ে এই অনুষ্ঠানত ভাগ লৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠান উপভোগ কৰিব । প্রধানমন্ত্ৰীক আদৰাৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি লোকপ্রীয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত প্ৰধানমন্ত্ৰীক আদৰাৰ প্ৰস্তুতিৰ বুজ লয় আৰু যাৱতীয় নির্দেশনা দিয়ে ৷ মন্ত্রী বিমল বৰা, যোগেন মহনকে ধৰি কেইবাগৰাকী মন্ত্ৰীয়ে কালি সৰুসজাইত ঝুমুৰৰ অন্তিম আখৰা পৰিদৰ্শন কৰি সকলোকে শুভেচ্ছা জনায়।
Site Admin | February 22, 2025 12:14 PM | Advantage Assam 2.0
এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰৰ প্রস্তুতি অব্যাহত
