ডাউনলোড
মোবাইল এপ

android apple
signal

January 15, 2025 10:16 AM | Advantage Assam

printer

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰীৰ দেশী-বিদেশী উদ্যোগপতি আৰু ব্যৱসায়ীক সাক্ষাৎ

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰীয়ে দেশৰ লগতে বিদেশৰ আগশাৰীৰ উদ্যোগপতি আৰু ব্যৱসায়ীক সাক্ষাৎ কৰি অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া এই সন্মিলনলৈ আমন্ত্রণ জনায়। এই উদ্দেশে মালয়েছিয়ালৈ যোৱা ৰাজ্যৰ তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি কুৱালালামপুৰত মালয়েছিয়াৰ ডিজিটেল মন্ত্ৰী গোবিন্দ সিং দেউ আৰু ডিজিটেল উপ-মন্ত্ৰী উইছন ওগাক সাক্ষাৎ কৰে। ইয়াৰ পাছত তেওঁ ডিজিটেল উপ-মন্ত্ৰী উইছন ওগাৰ সৈতে অসম আৰু মালয়েছিয়াৰ মাজত তথ্য প্রযুক্তি খণ্ডত সহযোগিতা আৰু সমৰ্থন সন্দৰ্ভত বৈঠকত মিলিত হয়। বৈঠকত অত্যাধুনিক তথ্য প্ৰযুক্তি আৰু ছফ্টৱেৰ, ডাটা সুৰক্ষা, চাইবাৰ নিৰাপত্তা আদিকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত মন্ত্ৰীগৰাকীয়ে কুৱালালামপুৰৰ পুত্ৰজায়াত মালয়েছিয়া চৰকাৰৰ পৰ্যটন, কলা আৰু সংস্কৃতি উপ-মন্ত্রী খাইৰুল ফিদোছ আকবৰ খানক সাক্ষাৎ কৰে। তেওঁ লগতে দেশখনৰ বিনিয়োগ, বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ উপ-মন্ত্ৰী লিউ চিন টঙক সাক্ষাৎ‍ কৰি অসমত ছেমি কণ্ডাক্টৰ খণ্ডৰ বিকাশৰ ক্ষেত্ৰত মালয়েছিয়াৰ সহায়, সমর্থনৰ বাবে অনুৰোধ জনায়। উল্লেখযোগ্য যে এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰৰ বাবে তিনিদিনীয়া ভ্রমণসূচীৰে মালয়েছিয়ালৈ যোৱা মন্ত্ৰী কেশৱ মহন্তই ভ্ৰমণৰ অন্তিম দিনা দেশখনৰ বিভিন্ন বিভাগৰ প্ৰতিনিধিসকলক এই শীর্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনায়। এই সময়ছোৱাত মন্ত্ৰীগৰাকীক মালয়েছিয়াত থকা ভাৰতৰ উপ-উচ্চায়ুক্ত সুভাসিনী নাৰায়ণন, অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যম বিভাগৰ সচিব ডাঃ এছ লক্ষ্মনন, ভাৰতৰ উচ্চ আয়োগৰ বাণিজ্য সচিব ড০ অৰবিন্দকে ধৰি আন কেইবাগৰাকী ব্যক্তিয়ে সংগ দিয়ে। মন্ত্ৰী বিমল বৰাই সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰত এই সন্মিলনৰ বাবে প্ৰচাৰ আৰু বিনিয়োগৰ বাবে আগশাৰীৰ উদ্যোগপতি আৰু ব্যৱসায়ীক আমন্ত্ৰণ জনায়। আৰৱ আমিৰি ৰাষ্ট্ৰ ভ্ৰমণৰ সময়ছোৱাত মন্ত্ৰী বৰাই ডুবাইৰ ডি পি ৱৰ্ল্ড পৰিদৰ্শন কৰি ট্ৰান্সৱৰ্ল্ড গ্ৰুপৰ অধ্যক্ষ ৰমেশ এছ ৰামকৃষ্ণননক সাক্ষাৎ কৰে। ট্রান্সৱৰ্ল্ড গ্ৰুপ হৈছে আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় শ্বিপিং আৰু লজিষ্টিকছ সংস্থা। এই সংস্থাৰ অংশীদাৰিত্বৰ দ্বাৰা অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সম্পদ উত্তৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক