ডাউনলোড
মোবাইল এপ

android apple
signal

February 9, 2025 8:42 PM | Advantage Assam 2.0

printer

এডভাণ্টেজ আচামৰ দ্বিতীয় সংস্কৰণে ৰাজ্যখনৰ নৱ প্ৰজন্মক সময়োপযোগী বাণিজ্যৰ বাবে দক্ষ কৰি তুলিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আশা প্ৰকাশ

এডভাণ্টেজ আচামৰ দ্বিতীয় সংস্কৰণে নতুন প্ৰজন্মৰ বিনিয়োগকাৰীসকলক বিনিয়োগৰ বাবে উপযুক্ত স্থান দিয়াৰ লগতে ৰাজ্যখনৰ নৱ প্ৰজন্মক সময়োপযোগী বাণিজ্যৰ বাবে দক্ষ কৰি তুলিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰিছে। তেওঁ কয়, যে ৰাজ্যখনৰ বিনিয়োগ আৰু আন্তঃগাথনি বিকাশৰ বাবে আয়োজিত এই সন্মিলনে দেশ বিদেশৰ বিনিয়োগকাৰীসকলক অসমৰ সম্ভাৱ্য ক্ষেত্ৰসমূহত বিনিয়োগৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে নতুন প্ৰজন্মক বিস্তৰ সুযোগ প্ৰদান কৰিব। ৰাজ্য চৰকাৰে নৱ প্ৰজন্মৰ যুৱক-যুৱতীক দক্ষতা বিকাশৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে অসমৰ ৪৩ খন কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান আৰু ৩৪ খন পলিটেকনিকক উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে বিকশিত কৰা হৈছে। অসমৰ চহকী ঐতিহ্য আৰু বৈচিত্রময় সংস্কৃতিয়ে সংস্কৃতিৰ লগতে প্ৰাকৃতিক সম্পদসমূহে অতিজৰে পৰা বহু লোকক আকৰ্ষণ কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰখনতো বিনিযোগৰ প্ৰচুৰ সম্ভাৱনা আছে।
তেওঁ কয়, যে এডভান্টেজ আচামৰ দ্বিতীয় সংস্কৰণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে অসমৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা লক্ষ্যত আলোকপাত কৰাৰ লগতে ৰাজ্যখনত বিনিয়োগৰ সম্ভাৱনা বহন কৰা পথ মুকলি কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে অলপতে নতুন দিল্লীত প্রধানমন্ত্ৰীৰ লগতে বিত্ত মন্ত্রী নির্মলা সীতাৰমন, পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি এই সন্মিলনলৈ আমন্ত্ৰণ জনাইছে। এই অনুসৰি দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব। সেইদিনাই শ্রীমোদীয়ে সন্মিলনৰ সৈতে সংগতি ৰাখি আয়োজিত সৰ্ববৃহৎ ঝুমুৰ নৃত্যৰ অনুষ্ঠান ঝুমইৰ বিনন্দিনী উপভোগ কৰিব। ২৫ ফেব্ৰুৱাৰীত তেওঁ এই সন্মিলন আনুষ্ঠানিকভাৱে মুকলি কৰিব। এই অনুষ্ঠানত ভূটানৰ প্রধানমন্ত্ৰীগৰাকী উপস্থিত থকাৰ কথা।

অধিক পঢ়ক

সকলো চাওক