ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু জাৰ্মানীৰ আন্দ্ৰে বেগেমেনৰ যুটীয়ে ইটালীৰ পেৰুগিয়াত চলি থকা এটিপি চেলেঞ্জাৰ্ছ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত-জার্মানীৰ এই যুটীয়ে আজি সন্ধিয়া হ’বলগীয়া ফাইনেলত মেক্সিকোৰ মিগুৱেল এঞ্জেল ৰেয়েছ-ভাৰেলা আৰু আৰ্জেণ্টিনাৰ গুইড’ আন্ড্রেঅজ্জীৰ যুটীৰ বিৰুদ্ধে খেলিব। বালাজী আৰু বেগেমেনৰ যুটীয়ে কালি অনুষ্ঠিত ছেমিফাইনেলত ইটালীৰ ফ্ৰান্সেছক’ মাষ্ট্ৰেল্লি আৰু ফেডেৰিক’ ছিনাক ৬-৩, ৩-৬, ১০-৬ ছেটত পৰাস্ত কৰিছিল। ইপিনে নিখিল ভাৰত টেনিছ সংস্থাই পেৰিছ অলিম্পিকত পুৰুষৰ ডাবলছত এন শ্ৰীৰাম বালাজীয়ে তাৰকা খেলুৱৈ ৰোহন বোপান্নাৰ সৈতে যুটী বান্ধি খেলিব বুলি ঘোষণা কৰিছে।
Site Admin | June 15, 2024 2:49 PM | IndTennis | SPORTS | Table Tennis
এটিপি চেলেঞ্জাৰ্ছ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু জাৰ্মানীৰ আন্দ্ৰে বেগেমেনৰ যুটী
